ততঃবাদ্য আৰু ইয়াৰ ব্যৱহাৰ

ততঃবাদ্য

ততঃবাদ্যৰ পৰিচয়

ততঃ বা তন্ত্ৰ অৰ্থ্যাত তাঁৰেৰে প্ৰস্তুত বাদ্যসমূহক ততঃবাদ্য বোলা হয়। এনে বাদ্যত ধ্বনি সৃষ্টিত তাঁৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। অসমৰ লোকসংস্কৃতিত বিভিন্ন জাতি বা জনজাতিৰ মাজত অনেক ততঃবাদ্যৰ ব্যৱহাৰ দেখা যায়। এইবোৰৰ ভিতৰত- বীণ, বীণা, টোকাৰী, একতাৰা, দোতোৰা, চাৰেণ্ডা, চেৰ্জা (বড়োৰ একতাৰ বা লাও টোকাৰীৰ নিচিনা) আদিয়ে প্ৰধান।

বীণ

বীণ

অসমৰ লোকবাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য হৈছে বীণ। বিহুত ব্যৱহাৰ হোৱা  ৮ বিধ মূল বাদ্যৰ ভিতৰত বীণো এবিধ। ইয়াৰ উপৰিও বৈৰাগী সকলে বীণ বজাই বিভিন্ন বিৰাগ ৰসৰ গীত গোৱা দেখা যায়। বীণ মাথোঁ এডাল তাঁৰেৰে ভায়োলিনৰ দৰে ৰেপি ৰেপি বজোৱা লোকবাদ্য। নামৰ মিল থাকিলেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বীণ বা বীণাসমূহৰ পৰা অসমীয়া বীণ সম্পূৰ্ণ পৃথক।

টোকাৰী

টোকাৰী

অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰ জাতীয় লোকবাদ্য সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই বহুল। এই লোকবাদ্যটো আম, জাম বা আন তেনে জাতীয় কাঠৰ ৬০ চেণ্টিমিটাৰৰ পৰা  ৯০ চেণ্টিমিটাৰ মান দীঘল কাঠৰ টুকুৰা এটাৰ এপিনে খোলনি দি আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমান্বয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুইৰ(সাপ) ছালেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেই ইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়। সৌন্দৰ্য্য বৃদ্ধিৰ বাবে খোলাটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত চৰাই বা তেনে কোনো আকৃতিৰ সাঁচ কাটি দিয়া হয়।

একতাৰা

সাধাৰণতে আয়তাকৃতিৰ খোলাটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্থা থকা ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ  খোলাটোৰ শেষ অংশৰ মাজভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুনাজৰী খোলাটোৰ চাউনী আৰু কাঠ ডোখৰৰ ওপৰেৰে নি খোলাটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়। বৰ্তমান মুগা সূতাৰ উপৰিও আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। সেয়া যিয়েই নহওক এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা, চিত্ৰা আৰু সুষুম্না হিচাপে জনা যায়।

টোকাৰীত ছাউনীখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰ কেইডাল এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়। শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যক অনুসৰি টোকাৰীৰ সুৰ বন্ধা হয়। পহু, ছাগলী আদি জন্তুৰ শুং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰ কেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলিৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *