Assam Culture

মানুহে কৰা সকলো প্ৰকাৰৰ আচৰণ বা কৃতিয়ে সংস্কৃতি। সংস্কৃতি মানৱ সমাজৰ অবিচ্ছেদ্য অংগ। সংস্কৃতি সংস্কাৰৰ লগত জড়িত। যাৰ সংস্কাৰ হয় সিয়েই সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিব শিকাৰ পৰাই বিভিন্ন ধৰণৰ কামবোৰ নিয়মিতভাবে কৰা আৰম্ভ কৰে। ক্ৰমে ক্ৰমে ইয়ে পৰম্পৰাৰ ৰূপ লয়৷ এক কথাত ক’বলৈ হ’লে সংস্কৃতি মানৱ সৃষ্ট৷ ই কোনো প্ৰাকৃতিক ঘটনা নহয়। মানুহৰ জীৱন ধাৰণৰ কৌশল সলনিৰ লগে লগে সংস্কৃতিয়েও নতুন ৰূপ লাভ কৰে৷ সেয়ে ক’ব পাৰি সংস্কৃতি পৰিৱৰ্তনশীল৷ নদীৰ সোঁত ঘনে ঘনে সলনি হোৱাৰ দৰে সংস্কৃতিৰ ৰূপো সময়ৰ গতিত সলনি হৈ হৈ গৈ থাকে৷

সংস্কৃতি শব্দই মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰো সামগ্ৰিকভাৱে সামৰি লয়। সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক। বিভিন্নজন সাংস্কৃতিক বিদে সংস্কৃতিৰ লক্ষণ বা বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি সংস্কৃতিক বিভিন্ন ভাগত ভাগ কৰিছে।

বৈচিত্ৰ পূৰ্ণ সংস্কৃতিৰ মিলনভূমি অসম। আৰ্য্য, মংগোলীয়,অষ্ট্ৰিক আৰু ব্ৰহ্ম দেশীয় থুলৰ লোকৰে ভৰপূৰ এই মনোৰম ৰাজ্যখনৰ সংস্কৃতিও মনোমোহা। বিভিন্ন জাতি- উপজাতিৰ সন্মিলনেৰে গঢ়ি উঠিছে বৃহত্তৰ অসমীয়া সংস্কৃতি।

অসমত বসবাস কৰা জাতি-জনজাতি সমূহৰ সংস্কৃতি, কলা কৃষ্টি, সাজপাৰ- সমাজ ব্যৱস্থা, গীত-নৃত্য, খাদ্য, বিশ্বাস, বাদ্য-যন্ত্ৰ, জীৱিকা-পদ্ধতি, আচাৰ- ব্যৱহাৰ আদিৰ এক সুকীয়া পৰিচয় আছে। অসমত বাস কৰা জাতি-জনজাতিৰ সুকীয়া বৈশিষ্ট্য আৰু সমিল-মিলৰ সংস্কৃতি থকাৰ দৰে অসমৰ প্ৰতিখন ঠাইৰো সুকীয়া পৰিচয় তথা ঐতিহ্য আছে। প্ৰতিখন ঠায়ে বহু ঘটনাৰ সাক্ষী হৈ ৰৈছে।

সংস্কৃতিৰ সকলো দিশ একেলগে সামৰাতো হয়তো কাৰোৰে পক্ষে সম্ভৱ নহয়। বৈচিত্ৰ্যময় অসমৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ কিছু কিছু দিশ আপোনালোকৰ সুবিধাৰ বাবে Assam Culture সামৰাৰ প্ৰচেষ্টা কৰা হৈছে। নিজেও পঢ়ক; আনকো কওঁক।