লোকবাদ্যৰ পৰিচয়

লোকবাদ্য লোকগীত আৰু লোকনৃত্যৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে। এটা জাতি বা জনজাতিৰ সংগীতপ্ৰেম আৰু শিল্পকলাৰ চেতনাৰ অন্যতম নিদৰ্শন বাদ্যযন্ত্ৰসমূহেই বহন কৰে। গীত তথা নৃত্যৰ তাল, মান, লয় ৰক্ষা কৰাৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰৰ সংযোগ অপৰিহাৰ্য্য।

বাদ্যৰ সংজ্ঞাৰ আমি এনেদৰেও দিব পাৰোঁ যে- সংগীতৰ ক্ষেত্ৰত ধ্বনি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো উপাদানকে বাদ্যযন্ত্ৰ বোলা হয়। বাদ্যযন্ত্ৰসমূহৰ লোকসংগীত বা শাস্ত্ৰীয় সংগীত সকলোতে গুৰুত্বপূৰ্ণ স্হান আছে। ভৰত মুনিৰ নাট্যশাস্ত্ৰতো বাদ্যযন্ত্ৰৰ বৰ্ণনা পোৱা যায়।

নাট্যশাস্ত্ৰৰ বৰ্ণণা মতে (লোকবাদ্য) বাদ্যযন্ত্ৰৰ চাৰিটা ভাগ-

  • ঘনবাদ্য
  • ততঃবাদ্য
  • সুষিৰ বাদ্য
  • অনৱদ্ধ বাদ্য বা আৱদ্ধ বাদ্য

অসমৰ লোকবাদ্যসমূহকো পৰিৱেশ্য কলাৰ দিশৰ পৰা এই চাৰিটা ভাগতে ভাগ কৰা হৈছে।

ঘনবাদ্য

পৃথিৱীৰ প্ৰাচীন লোকবাদ্য সমূহৰ ভিতৰত ঘনবাদ্যসমূহ উল্লেখযোগ্য। এই ক্ষেত্ৰত হাতৰ চাপৰিৰ কথা প্ৰথমে আহে। লোক পৰিৱেশ্য কলাত হাতৰ চাপৰিৰ বিশেষ ভূমিকা থাকে। কাঠ, বাহ, কাঁহ, পিতল আদি বিভিন্ন বস্তুৰ পৰা ঘনবাদ্যসমূহ প্ৰস্তুত কৰা হয়।  বিভিন্ন প্ৰকাৰৰ তাল- ঘনতাল, টকা, ঘন্টা, দগৰ, গগনা আদিবোৰ ঘনবাদ্য। অসমৰ লোকসংস্কৃতিত এইসমূহ ঘনবাদ্য হিচাপেই ব্যৱহাৰ হৈ আহিছে।

ততঃবাদ্য

ততঃ বা তন্ত্ৰ অৰ্থ্যাৎ তাঁৰেৰে প্ৰস্তুত বাদ্যসমূহক ততঃবাদ্য বোলা হয়। এনে বাদ্যত ধ্বনি সৃষ্টিত তাঁৰে বিশেষ ভূমিকা গ্ৰহণ কৰে। অসমৰ লোকসংস্কৃতিত বিভিন্ন জাতি বা জনজাতিৰ মাজত অনেক ততঃবাদ্যৰ ব্যৱহাৰ দেখা যায়। এইবোৰৰ ভিতৰত- বীণ, বীণা, টোকাৰী, একতাৰা, দোতোৰা, চাৰেণ্ডা,  চেৰ্জা(বড়োৰ একতাৰ বা লাওটোকাৰীৰ নিচিনা) আদি প্ৰধান।

সুষিৰ বাদ্য

বায়ু প্ৰধান বাদ্যযন্ত্ৰক সুষিৰ বাদ্য বোলা হয়। সুষিৰ শব্দৰ অৰ্থ ফুটা বা বিন্ধা। বিন্ধাৰে বায়ু ভৰাই সাংগীতিক ধ্বনি প্ৰস্তুত কৰা বাদ্যযন্ত্ৰই সুষিৰ বাদ্য। এইবোৰ বাদ্য মহৰ শিং, জন্তুৰ হাড় আদিৰ পৰা প্ৰস্তুত কৰা হয়। কাঠ,বাঁহ আদিৰে তৈয়াৰী বিভিন্ন সুষিৰ বাদ্য পৃথিৱীৰ সকলো ঠাইতে আছে। অসমৰ লোকসংস্কৃতিত পেপাঁ (পেম্পা-মিচিং), শিঙা, বাঁহী, কুবুলি(মিচিংৰ বাঁহী), ব্ৰাংছি(ৰাভাৰ বাঁহী), চিফুং(বড়োৰ বাঁহী), সুতুলী, মুৰুলী, শংখ আদি সুষিৰ বাদ্যৰ প্ৰচলন অসমত আছে।

অনৱদ্ধ বা আৱদ্ধ বাদ্য

মানুহৰ সভ্যতাত সাংস্কৃতিক উপাদানৰ প্ৰসাৰৰ সময়ৰ পৰাই আৱনদ্ধ বাদ্যৰ প্ৰচলন আছে। জন্তুৰ ছাল আদিৰ দ্বাৰা তৈয়াৰ কৰা বাদ্যসমূহক আৱনদ্ধ বাদ্য বুলিব পাৰি। অসমৰ লোক পৰিৱেশ্য কলাত ঢোল, মাদল (চাহ-জনগোষ্ঠী), মৃদংগ, নাগাৰা, খাম বা খ্ৰাম (বড়োৰ ঢোল), দুমদুম (মিচিংৰ ঢোল), খঞ্জৰি, কৰকা, তাৰচা (নামনি অসমত বিয়াত ডগুলীয়াৰ দলত বজোৱা হয়) থাম, ঢাক, ডবা, ডম্বৰু, ঢোলক, খোল আদি উল্লেখযোগ্য আৱদ্ধ বাদ্য।

অসমৰ গাঁৱে-ভূঁই নানা বৰণীয়া লোকসংস্কৃতিৰ সম্ভাৰেৰে ভৰি আছে। অসমৰ শিল্পীয়ে ব্যৱহাৰ কৰা বাদ্যসমূহে এই সম্ভাৰ সমৃদ্ধ কৰাত প্ৰচুৰ পৰিমাণে অৰিহনা যোগাইছে। এই বাদ্যযন্ত্ৰসমূহৰ ভিতৰত- শংখ, মৃদুংগ, দুন্দুভি, পাখোজাজ আৰু ঢোল এই পাঁচটাক পঞ্চবাদ্য বোলে।

লোকবাদ্যৰ সৃষ্টি কোনে কেতিয়া কৰিছিল জনা নাযায় যদিও এই বাদ্যযন্ত্ৰবোৰ চহা সমাজত খুব প্ৰচলিত।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *