জপা থোৱা উৎসৱ

আগৰ দিনত ছোৱালীক বাল্য কালতে বিয়া দি দিয়া হৈছিল। বাল্য কালতে বিয়া দিয়া ছোৱালীয়ে প্ৰথম পুষ্পিতা হ’লে আগবিয়া হোৱা বুলি কোৱা হৈছিল। ছোৱালীজনী যদি নিজৰ মাক- বাপেকৰ ঘৰত থাকোঁতে পুষ্পিতা হয় , তেতিয়া ছোৱালী ঘৰৰ মানুহে বাঁহ বা বেতৰে সজা জপাৰ ভিতৰত টোপোলা এটাত বিভিন্ন বস্তু ভৰাই কেইজনীমান ছোৱালী আৰু তিৰোতাক দৰা ঘৰলৈ সেই পঠাইছিল। আকৌ দৰা ঘৰত ছোৱালী গৰাকী পুষ্পিতা হ’লে দৰাঘৰেই তেনেদৰে মাকৰ ঘৰলৈ সংবাদ পঠোৱা কাম কৰে।জপাৰ ভিতৰত পঠিওৱা এই খৱৰৰ টোপোলাটোকে নামনি অসমত জপা থোৱা বোলে।

সময়ৰ লগতে লগে বাল্য বিবাহ আমাৰ সমাজৰ পৰা নোহোৱা হৈ গ’ল। কিন্তু সেই তাহানিতে অনুষ্ঠিত জপা থোৱা উৎসৱৰ শেষ এতিয়াও হোৱা নাই। এতিয়াৰ সময়ত যিহেতু বাল্য বিবাহ নাই সেয়ে ছোৱালীৰ তুলনী বিয়া হ’লে এই জপা থোৱা বা ৰখা কামতো দৰা ঘৰৰ পৰিৱৰ্তে পুষ্পিতা গৰাকীৰ মামা, পেহী, মাহী অথবা আন ওচৰ সম্পৰ্কীয় লোকৰ ঘৰত তিনিদিন আগত জপা ৰখা হয়। বিভিন্ন ধৰণৰ ৰং ৰইচ কৰি তিৰোতাবোৰে জুম বান্ধি গৈ এই জপা থোৱা কামভাগ কৰে। আকৌ পুষ্পিতাগৰাকীক গা ধুওৱা নিয়ম কৰিবৰ দিনা সেই জপা থোৱা মানুহঘৰে তিৰোতাৰ থুপ এটা লৈ চাৰিদিনৰ দিনা কইনা ধুওৱাৰ ঠিক আগে আগে জপা লৈ আহি পায়হি। কইনা নুওৱা গৰাকীয়ে দৰা আদৰাৰ দৰে সেই জপা দাঙি অনা সৰু ছোৱালীজনীক চোতাললৈ আগবঢ়াই নিয়ে। তাৰ পিছত চোতালতে ধুনীয়াকৈ সজাই ৰখা টেবুল বা চকীত জপাটো ৰখা হয়। পূৰ্বতে বাঁহ-বেতৰ দ্বাৰা তৈয়াৰী জপাত ফুলৰ মালা পিন্ধাই সৰু- ছোৱালীয়ে জপাটো লৈ যোৱা আছিল যদিও বৰ্তমান সময়ত পিতলৰ শৰাইত জপা নিয়া হয়।

নাম-প্ৰসংগৰ মাজৰে তোলনি বিয়াত এই জপাটোৰ ভিতৰত থকা টোপোলাটোক সন্তান স্বৰূপ ভাবি ছোৱালীৰ কোলাত দিয়া হয়। এই টোপোলাটোৰ ভিতৰত থাকে যজ্ঞ ডিমৰুৰ গুটি বা ডালিমৰ কলি , আখৈ , দূৱৰি বন এমুঠি , ধানৰ শীহ এটা , তামোল- পাণ এযোৰ , বগা বা ৰঙা ফুলৰ মালা , মুদ্ৰা (এটকা) এটা , আঙুঠি বা খাৰু এপাত আৰু পহু-শিঙৰ ডাৱ কটাৰী এখন। আকৌ এই সকলোবোৰ বান্ধি টোপোলা কৰা কাপোৰখন অনাকটা হোৱাটো ধৰাবন্ধা।

কইনাক গা ধুই অনাৰ পিছত কইনাৰ মাকে কইনাৰ হাতত টকা বা কিবা সোণ- ৰূপ দি, আগ দি জপাটোৰ ভিতৰত থকা টোপোলাটো জীয়েকৰ কোঁচত দিয়ে। আন আন সম্পৰ্কীয় মিতিৰবোৰেও তেনেই কৰে। তেনে সময়ত কইনাৰ মাক বা সেই মিতিৰবোৰক নাতিয়েক পোৱা বুলি জোকাই আয়তীবোৰে তেওঁলোকৰ মুখত আটা বা সেন্দূৰ সানি দিয়ে। আয়তীয়ে এই টোপোলাটোক কেন্দ্ৰ কৰি বিভিন্ন খিচা গীত দিয়ে। এই যে জপাটোৰ ভিতৰত টোপোলাটো থাকে তাক গাজী বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *