ভূত-প্ৰেতৰ সৈতে জড়িত লোকবিশ্বাস

ভূত_প্ৰেত

অসমৰ সাধুকথা, গীত, ডাকৰ বচন, প্ৰবাদ-পটন্তৰ, কথাছবি আদিত এই অপদেৱতা বা ভূত-প্ৰেত সমূহে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি থৈছে। চহালোকে ধৰ্ম সম্পৰ্কীয় সকলো বিশ্বাস আৰু পূজা-পাতলৰ লোকাচাৰ পালন কৰাৰ মূলতে ভূত-প্ৰেত, যখ-যখিনী, পিশাচ, বুঢ়া ডাঙৰীয়া আদিৰ ভয় আছে।

ভূত-প্ৰেতৰ পৰিচয়

ভূত-প্ৰেতৰ ওপৰত থকা লোকবিশ্বাসে অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰখনক চহকী কৰিছে। ভূত বা অপদেৱতা সম্বন্ধীয় বিশ্বাসৰ প্ৰথম ঢাপতো সুদৃঢ় কৰে মানুহৰ দেহত দেখা দিয়া বিভিন্ন বেহা-বেমাৰে। ঘাইকৈ গ্ৰাম্যাঞ্চলত মানুহৰ দেহত বেমাৰে দেখা দিলে দেও-ভূতৰ প্ৰতিমূৰ্তি সাজি পূজা কৰা হয়। পিঠাগুৰি, কুকুৰা, পাণ-তামোল, তুলসী, সেন্দূৰ আদিৰে শনিবাৰে বা মঙলবাৰে বীৰা আদিক পূজা কৰা হয়। সৰু ল’ৰা-ছোৱালীক অপদেৱতাৰ নজৰৰ পৰা ৰক্ষা কৰিবলৈ ক’লা ফোট দিয়া হয়, ভৰি বা গলত ক’লা ৰচীৰে বিভিন্ন মাদলী ওলোমাই দিয়া হয়।

ভূত-প্ৰেত

ভূতে ধৰাৰ লক্ষণ

সুস্থ মানুহ এজনে হঠাতে যদি অসংলগ্ন কথা কয়, অনবৰতে অট্টহাস্য কৰে অথবা চিঞৰি কান্দে, অস্থিৰ আচৰণ কৰে, নিশ্চুপ হৈ চকু টেলেকাই থাকে এইবোৰক ভূতে ধৰাৰ লক্ষণ বুলি মানি লৈ ওজা বা বেজ মাতি অনা হয়। ভূতক খেদিবলৈ নিমগছৰ পাত, সিজুগছৰ ডাল, ঢেঁকীয়া, শুকান জলকীয়া, কাঁইটীয়া গছৰ পাত, বিহলঙনি, সৰিয়ঁহ গুটি আদি ব্যৱহাৰ কৰা হয়।

অসমৰ লোকবিশ্বাস অনুসৰি ডাঙৰ ডাঙৰ গছবোৰত ভূত_প্ৰেত, অপদেৱতা আদি থাকে। গছৰপৰা ভূত_প্ৰেত খেদিবলৈ হ’লে গছৰ তলত কুকুৰা-হাঁহ আদিৰে পূজা কৰা হয়।

ভূত_প্ৰেতৰ লগত নামৰ সম্পৰ্ক

অসমীয়া মানুহৰ নাম দুটা থাকে- এটা গোপন আৰু আনটো প্ৰকাশ্য নাম। প্ৰকাশ্য নামটো সমাজত পৰিচিত। আচল অৰ্থাৎ গোপন নামটো অপদেৱতাৰ ভয়ত উচ্চাৰণ কৰা নহয়। পৰিয়ালত কোনো সন্তানৰ মৃত্যু হ’লে পৰৱৰ্তী সন্তানৰ নাম বহুতে আকৰ্ষণীয় কৰি নিদি কুন্ধচ নাম এটাহে দিয়ে। কুন্ধচ নামৰ প্ৰতি ভূত_প্ৰেতৰ কোনো আকৰ্ষণ নাথাকে বুলি বিশ্বাস কৰা হয়।

মৃতকৰ আত্মাক সন্তুষ্ট কৰাৰ বাবেই অতীতৰ পৰাই বিভিন্ন জাতি- জাতিৰ মানুহে অন্ত্যেষ্টিক্ৰিয়া পালন কৰে। অসমীয়া সমাজতো মৰিশালীলৈ নিয়াৰ আগতে মৃতকক থোৱা ঠাইডোখৰত বগৰীৰ জেং এডাল থোৱা হয়, যাতে মৃতকৰ আত্মাই অন্যান্য সদস্যসকলক আক্ৰমণ কৰিব নোৱাৰে। মৃতকৰ সৎকাৰ আৰু শ্ৰাদ্ধ কৰা জনে হাতত চোকা লোহাৰ অস্ত্ৰ লগত লৈ ফুৰে। অস্ত্ৰ লৈ নুফুৰিলে মৃতকৰ আত্মাই তেওঁৰ অপকাৰ কৰিব বুলি ভবা হয়। মৃত ব্যক্তিৰ নাম লিখোতে অপদেৱতাৰপৰা ৰক্ষা পাবলৈ মৃতকৰ নামৰ আগত স্বৰ্গীয় চিহ্ন ব্যৱহাৰ কৰা হয় বুলি বিশ্বাস আছে।

ভূত-প্ৰেত

ভূত_প্ৰেতৰ সৈতে জড়িত অন্য়ান্য় লোকবিশ্বাস

অসমীয়া বিয়াত সখী-সখীয়নীয়ে দৰা-কন্যাৰ নিচিনা বিয়াৰ সাজ-পোচাক পিন্ধে অপদেৱতাক ঠগিবলৈ। অপদেৱতাৰপৰা দৰা-কন্যাক ৰক্ষা কৰিবলৈ বিয়াৰ দিনা দৰা-কন্যাক হৰ-পাৰ্বতী ৰাম-সীতা, আদি আখ্যা দিয়া হয়।

অসমৰ গ্ৰাম্য জীৱনত ভূতে ধৰা মানুহক বেজে জৰা-ফুকা কৰা দেখা যায়। বেজৰ ধমকিত ৰোগীৰ মুখেৰে ভূতে সঁচা কথা কয় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস মতে, গৰুৰ গোবৰ বা মূতত ভূত খেদিব পৰা শক্তি লুকাই আছে। সেয়ে গাঁৱৰ মানুহে চোতালত শুকান গোবৰেৰে জুই জ্বলায়।

ভূত-প্ৰেত

বহুতে ক’লা মেকুৰীৰ সৈতে ভূত-প্ৰেতৰ সম্বন্ধ আছে বিশ্বাস কৰে বাবে ক’লা মেকুৰী দেখিলে দুখোজ পিছুৱাই আহি আকৌ আগবাঢ়ে বা থুই পেলাই বিপদমুক্ত হ’ব বিচাৰে।

চহা মানুহে পানীৰ অধিকাৰী দেৱতাজনক জলদেৱতা বা জলকোঁৱৰ বুলি বিশ্বাস কৰে। এই জলকোঁৱৰৰ পত্নীয়েই হ’ল জলকুঁৱৰী। জনবিশ্বাস মতে- বিল, পুখুৰী আদিত জলদেৱতাৰ উপৰি মাছখোৱা দেও থাকে। এইবোৰ সুন্দৰ যুৱক বা যুৱতী দেখিলে বুধি কৰি পুখুৰলৈ মাতি নিয়ে।

ভূত_প্ৰেত

বিবাহৰ নিচিনা শুভকামত ভূত_প্ৰেতে আক্ৰমণ কৰিব নোৱাৰাকৈ পদূলিৰ কলগছৰ তলত কণী, মাছ, সৰিয়হ, বতৰ কাঁইট আদি দিয়া হয়। আকৌ পানী তুলিবলৈ যাওঁতে ডাঙৰ শব্দৰে ঢোল বজাই যোৱা হয়। যাতে ঢোলৰ শব্দত ভূত দূৰতে পলায়।

চহালোকে ৰাতি দূৰণিলৈ যাত্ৰা কৰিলে হাতত লোহাৰ অস্ত্ৰ লৈ যায়। যাতে ভূতে আক্ৰমণ কৰিব নোৱাৰে।

আদিতে মানুহে ৰ’দ-বৰষুণ, ধুমুহা, উল্কাপাত, ভূমিকম্প আদি বিভিন্ন প্ৰাকৃতিক ঘটনাৰ উৎস আৰু হেতু সম্পৰ্কে তেনেই অজ্ঞ আছিল। সেই অজ্ঞতাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ ওচৰত বৰ অসহায় অনুভৱ কৰাৰ ফলতে তেওঁলোকৰ মনত ৰহস্যময় প্ৰাকৃতিক ঘটনাবোৰৰ সম্পৰ্কত বিভিন্ন ভ্ৰান্ত ধাৰণাৰ জন্ম হৈছিল। আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰ কোনো অলৌকিক শক্তিয়ে সম্পন্ন কৰে বুলি বিশ্বাস কৰাৰ লগতে সেইবোৰক দেৱ-দেৱতা, ভূত_প্ৰেত আদি নাম দি লৈছিল। মানুহৰ হিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত দেৱ-দেৱতা আৰু মানুহৰ অহিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত ভূত_প্ৰেত জড়িত থাকে বুলি বিশ্বাস কৰিছিল।

ভূত_প্ৰেত

সহায়ক গ্ৰন্থ:

  • অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা। লীলা গগৈ।
  • অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ডাঃ জীৱন দত্ত বৰুৱা
  • অসমৰ লোক সংস্কৃতিৰ আভাস। লীলা গগৈ

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *