সৰ্থেবাৰী- হস্ত-নিৰ্মিত কাঁহ শিল্পৰ বাবে বিখ্যাত নগৰ

সৰ্থেবাৰী কাঁহ শিল্প

সৰ্থেবাৰী বৰপেটা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এখন নগৰ৷ ই অসম তথা উত্তৰ-পূৱ ভাৰতৰ হস্ত-নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত। ইংৰাজী ১৯৫৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে সৰ্থেবাৰীক এখন নগৰ হিচাপে ঘোষনা কৰে আৰু নগৰীয়া কাম-কাজবোৰ নগৰ পালিকাৰ জৰিয়তে পৰিচালিত হয়৷

আৰম্ভণিঃ-

লোকসমাজৰ দৈনন্দিন ব্যৱহৃত বস্তুৰ প্ৰয়োজনৰ তাগিদাতে হস্তশিল্প সমূহৰ সৃষ্টি হৈছিল৷ জীৱিকা নিৰ্বাহৰ লগত জড়িত এই লোকশিল্পবোৰে এখন সমাজৰ সাংস্কৃতিক ঐতিহ্যও বহন কৰে৷ হস্তশিল্প সমূহে এহাতে চহা  জীৱনৰ অৰ্থনৈতিক চাহিদা পূৰণ কৰে আৰু আনহাতে একোখন সমাজৰ পৰম্পৰাগত গতিবিধি নিৰূপিত কৰে৷

সৰ্থেবাৰী অঞ্চলতো লোক হস্তশিল্পই পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য ব্যাপক কৰি ৰাখিছে৷ ঐতিহ্যমণ্ডিত কাঁহ_শিল্প নগৰী সৰ্থেবাৰীৰ জনসাধাৰণে পৰম্পৰাগতভাৱে কাঁহ শিল্পৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে৷

কাঁহ শিল্প

সৰ্থেবাৰী হ’ল অসমৰ এক সুকীয়া পৰিচয়৷ সৰ্থেবাৰীৰ গৌৰৱময় কুটিৰ শিল্প কাঁহ_শিল্পই অসমীয়া সংস্কৃতিৰ বাহক হিচাপে গৌৰৱ ধব্জা বহন কৰি আহিছে।

টিং টিং -টং টং হাতুৰীৰ শব্দই সৰ্থেবাৰীৰ জনগণক জনাই দিয়ে যে পোহৰ হবলৈ আৰু বেছি সময় নাই৷ সেই একে গতি; একেই ব্যস্ততা, অতীতৰ পৰা বৰ্তমানলৈ বৈ থকা নীৰৱছিন্ন গতি৷ সৰ্থেবাৰী যদিও এখন নগৰ তথাপি নগৰীয়া আচাৰ-ব্যৱহাৰে সৰ্থৱাৰীৰ বাসিন্দা সকলক এতিয়াও প্ৰভাৱিত কৰিব পৰা নাই৷

কাঁহ-শিল্পৰ ঐতিহাসিক মূল্যায়নঃ- 

ষোল্ল শতিকাতে প্ৰথমে কাঁহ_শিল্প প্ৰস্তুত কৰা হৈছিল৷ সেই সময়ত কাঁহক ঘাইকৈ পশ্চিমৰ দেশ সমূহত ঘণ্টা সাজিবৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷

কাঁহ শিল্পই কেতিয়া, ক’ৰ পৰা আহি সৰ্থেবাৰীত স্থিতি লাভ কৰিছিল সেয়া বুৰঞ্জীয়েও ঢুকি নাপায়৷ সৰ্থেবাৰীৰ কাঁহৰ সামগ্ৰীয়ে ক’ব নোৱাৰাকৈ ৰজাঘৰ-প্ৰজাঘৰ সকলোতে সমাদৰ লাভ কৰিছিল৷ সৰ্থেবাৰীৰ কাঁহ_শিল্পৰ গৌৰৱময় ইতিহাসৰ কথা বাণভট্টৰ ’হৰ্ষচৰিত’ত উল্লিখিত অনুসৰি সপ্তম শতিকাতে কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই কনৌজৰ ৰজা হৰ্ষবৰ্ধনলৈ সৰ্থেবাৰীত উৎপাদিত কাংস্য পাত্ৰ উপহাৰ দিয়াৰ পৰা বুজিব পাৰি৷ কুমাৰ ভাস্কৰ বৰ্মাই উপহাৰ দিয়াৰ বাবে বিভিন্ন সামগ্ৰী কঁহাৰ শিল্পী সকলৰ হতুৱাই তৈয়াৰ কৰি থৈছিল৷

সৰ্থেবাৰীৰ কহাঁৰ শিল্পী সকলক মহাৰাজ নৰনাৰায়ণে বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা “দৰং ৰাজবংশাবলী“ ত উল্লেখ আছে৷ গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু তেখেতৰ পুত্ৰ প্ৰথমেশ বৰুৱাৰ লগত সৰ্থেবাৰীৰ কহাঁৰ শিল্পী সকলৰ বিশেষ সম্পৰ্ক আছিল৷ শিল্পীসকলে তৈয়াৰ কৰা নানাবিধ শৰাই, টেমাবটা, ভোৰতাল, দুগদুগী, লোটা আদি কাহঁৰ সামগ্ৰীক জাতীয় তথা সাংস্কৃতিক সম্পদ হিচাপে ৰাজভৱনত সংৰক্ষণ কৰি ৰাখিছিল৷ অনুমান কৰা হয় সেই সময়ত ৰজাঘৰ অথবা প্ৰজাঘৰত কহাঁৰ সকলক অধিক গুৰুত্ব দিয়া হৈছিল৷ সেয়ে আহোম ৰাজত্বকালক অসমৰ কাঁহ_শিল্পৰ “সোণালী যুগ“ বুলি কোৱা হয়৷ আহোম স্বৰ্গদেউ সকলে কহাঁৰ শিল্পী সকলক যথেষ্ট উৎসাহিত কৰিছিল৷ শিল্পী সকলে তৈয়াৰ কৰা বাতি, জাত-কাঁহী, বোলা-বাণ, টেমিবটা, পিকদানী, ভোগজৰা আদিয়ে ৰজাঘৰৰ জেউতি দুগুণে বৃদ্ধি কৰিছিল৷ আনকি যুদ্ধত ব্যৱহাৰ কৰা বৰতোপো কাঁহেৰে নিৰ্মাণ কৰিছিল৷

স্বৰ্গদেউ শিৱ সিংহই সেই সময়ৰ এগৰাকী প্ৰখ্যাত কাঁহশিল্পী জীউধন কহাঁৰৰ শিল্প  প্ৰতিভাৰ নিপুণতা দেখি চমকিত হৈছিল৷ জীউধন কঁহাৰে কাঠৰ বাঘ এটা সাজি তাৰ ভিতৰত ভোৰতাল এযোৰ এনেদৰে সজাইছিল যে বাঘটো চুই দিলেই তালজোৰ বাজি উঠে আৰু সেয়া বাঘৰ গৰ্জন যেন শুনা গৈছিল৷ তেওঁ স্বৰ্গদেউ শিৱসিংহক বাঘটো উপহাৰ দিছিল৷ জীউধন কহাঁৰৰ শিল্প নৈপুণ্যৰ উপহাৰ হিচাপে ৰজাঘৰৰ পৰা এখন তাম্ৰপত্ৰ, ১০০বিঘা মাটি আৰু ’চৌধুৰী’ খিতাপ পাইছিল৷

ইংৰাজ শাসনৰ কালতো সৰ্থেবাৰীৰ কাঁহশিল্পই যথেষ্ট সমাদৰ লাভ কৰিছিল৷ ঊনৈশ শতিকাত/১৮৯৩ চনত মহাৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত কাঁহৰ সামগ্ৰীক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল৷ জেল কাঁহী শিল্পী খ্যাত পুষ্পৰাম কহাঁৰে লণ্ডনত অনুষ্ঠিত বৃহৎ হস্তশিল্প প্ৰদৰ্শনীত ভাগ লৈ জাত কাঁহী এখন প্ৰদৰ্শন কৰিছিল৷ কাঁহীখনত তিনিটা খুৰা, এটা বেৰ আৰু বেৰটোৰ ওপৰত এখন কাঁহৰ কাঁহী, কাঁহী খনৰ ওপৰত চাৰিটা ভাটৌ চৰাই, তাৰ ওপৰত কাঁহৰ বাতি; তাত পা‍নী, তামোল-পান, খৰিকা আদি ৰখাৰ ব্যৱস্থা আছিল৷ এই জাত কাঁহীখন বৰ্তমানেও ইংলেণ্ডৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে৷

পুষ্পৰাম কহাঁৰ আছিল এগৰাকী সুনিপুন কাঁহ শিল্পৰ খনিকৰ৷ ১৯০৫-‍১৯১০ চন মানত তেওঁ মন্দিৰ, সত্ৰ আদিত চাকি দিব পৰাকৈ কাৰিকৰী কৌশলযুক্ত গছা নিৰ্মাণ কৰিছিল৷ বৰপেটা সত্ৰৰ ধাতুৰে নিৰ্মিত দুৱাৰ,   সৰ্থেবাৰীৰ তামোলী চুপাৰ কীৰ্তন ঘৰৰ দুৱাৰ, আতাথেৰ চুপাৰ কীৰ্তন ঘৰৰ গোঁসাইৰ আসন, নান ধৰণৰ কাৰুকাৰ্য খটোৱা চন্দ্ৰজালি লোটা, তামোল খোৱা বটা আদিৰ সৃষ্টিকৰ্তা পুষ্পৰাম কহাঁৰ সৰ্থেবাৰীৰ গৌৰৱ৷

কাঁহ_শিল্পই কাৰিকৰী দিশত অগ্ৰগতি লাভ কৰাৰ লগে লগে শিল্পীসকলৰ চাহিদাও বাঢ়ি আহিল কিন্তু কহাঁৰসকল অসংগঠিত হোৱাৰ বাবে মহাজনৰ শোষণৰ বলি হব লগা হৈছিল৷ প্ৰচলিত ব্যৱস্থা মতে সেই সময়ত কাঁহৰ ব‍চনৰ ব্যৱসায়ী সকলে কেঁচা মাল আৰু প্ৰয়োজনীয় অগ্ৰীম ধনৰ যোগান ধৰিছিল আৰু তাৰ বিপৰীতে কহাঁৰ সকলে বাচন গঢ়াই দিছিল৷ তাৰ বিনিময়ত পোৱা গঢ়নীৰ পৰা মহাজনে টকা আদায় কৰিছিল৷ তাৰ উপৰিও নানান উপায় অৱলম্বন কৰি মহাজনে শিল্পীসকলক শোষণ কৰিছিল৷

১৯৩৩ চনলৈকে শিল্পীসকলে অসমৰ বিভিন্ন ঠাইত গঢ়শাল পাতি বাচন-বৰ্তন তৈয়াৰ কৰিছিল৷ কাঁহৰ ব্যৱসায়ী কৰি ঘৰৰ পৰা দূৰত দিন কটাইছিল৷ বছৰি জন্মষ্টমীৰ নাওখেল উৎসৱ উপভোগ কৰি প্ৰবাসত থাকি ঠিক  সৰ্থেবাৰীৰ সভাৰ আগে আগে ঘৰ সোমাইছিল৷

মহাজনৰ শোষণৰ পৰা কঁহাৰ সকলক মুক্ত কৰি কাঁহ  শিল্পৰ উন্নতিৰ উদ্দেশ্যে ১৯৩৩ চনত ’অসম সমবায় কঁহাৰ সংঘ’ৰ জন্ম দিয়ে; সেই সময়ৰ বিদগ্ধ পণ্ডিত, নীৰৱ সাধক কোহিৰাম দাসে৷ ১৯৩৯ চনত এই সংঘই এক পঞ্জীয়ণভুক্ত সংস্থালৈ ৰূপান্তৰিত হৈ বৰ্তমানলৈকে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৰ্বাংগীণ  আৰু উন্নতিৰ হকে কাম কৰি আহিছে৷

সৰ্থেবাৰীৰ কঁহাৰ শিল্পী সকলে নিজ পাৰদৰ্শীতাৰ বাবে ভিন্ন পুৰস্কাৰ লাভ কৰি আহিছে৷ ১৯৬৪ চনত কঁহাৰ হৰেশ্বৰ ডেকাই পোন প্ৰথমে কঁহাৰ শিল্পী হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে৷ তেওঁ গঢ়োৱা  ৫ কিলো ওজনৰ নাগফেটি বটাঁৰে কৃতিত্ব লাভ কৰে৷ ১৯৮৪ চনত কহাঁৰ ভগবান ডেকাই জাত কাঁহী প্ৰস্তুত কৰি পুৰস্কাৰ লাভ কৰে৷

অতীতৰ পৰা বৰ্তমানলৈ সৰ্থেবাৰীৰ কহাঁৰ শিল্পীসকলে এই শিল্পটোক জীয়াই ৰাখিছে৷ আহোম ৰাজত্ব কালত সৰ্থেবাৰীৰ উপৰিও তিতাবৰ, ৰহা, সপটগ্ৰাম আদি ঠাইতো কাঁহ শিল্পৰ প্ৰচলন আছিল যদিও এই ঠাইৰ শিল্পীসকল বৰ্তমান পাবলৈ নাই৷

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা বৰ্তমানলৈ ভূটান, তিব্বতলৈ নানান কাঁহৰ সামগ্ৰীৰ লগতে সুকীয়া তাল বাদ্যৰ সৰবৰাহ সুকীয়াকৈ ধাৰাবাহিকভাৱে চলি আহিছে৷ সেই  সময়তে কাঁহ-পিতল-তাম প্ৰভৃতি ধাতুবোৰৰ চীন আৰু তিব্বত দেশৰ লগত আদান-প্ৰদান কৰা হৈছিল৷

“অসম বুৰঞ্জী“ত উল্লেখ থকা মতে তিব্বতৰ ৰাজধানী লাচাৰ পৰা অসমৰ পৰা বাটত চৌনা নামে ঠাই ডোখৰত এখন হাট বহিছিল৷ চৌনাৰ পৰা চাৰি মাইল আঁতৰত জীমনচু ঠাইত আহোম ৰজাৰ হাট বহিছিল আৰু দুমাহ কাল কাঁহ, পিতল, তাম, লৱণ আদিৰ সলনি এৰী কাপোৰ, হাতীদাঁত, কস্তুৰী ইত্যাদি  সামগ্ৰীৰ সাল-সালনি ঘটে৷

কাঁহ শিল্প

সৰ্থেবাৰীৰ কাঁহ প্ৰস্তুত পদ্ধতিঃ-

কাঁহৰ বাচন নিৰ্মাণ কৰাৰ এক সুকীয়া কৌশল আছে৷ ৰাং শতকৰা ২২ ভাগ আৰু তাম শতকৰা ৭৮ ভাগ নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ সংমিশ্ৰণত  কাঁহ প্ৰস্তুত কৰা হয়৷ কেতিয়াবা সামান্য দস্তা আৰু সীহ যোগ দিয়া হয়৷ উক্ত প্ৰণালীৰে কাঁহ প্ৰস্তুত কৰি কহাঁৰ সকলে সুনিপুন শিল্পকলাৰে ইয়াক মসৃণ কৰি তোলে৷ আৰু কঁহাৰ শিল্পীসকলৰ কঠিন সুনিপুন হাতৰ পৰশত কাঁহৰ সামগ্ৰীসমূহে প্ৰাণ পাই উঠে৷

কাঁহৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ যাওঁতে প্ৰথমতে কাঁহখিনি আফৰৰ জুইত মুহিৰ ভিতৰত থৈ গলোৱা হয়৷ গলাই লোৱা ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়৷ চেঁচাঁ পৰাৰ লগে লগে ধাতুখিনি টান হৈ পিঠাৰ আকৃতি লয়৷ তাৰ পিছত আফৰত তপতাই নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচনৰ গঢ় অনুসৰি কোবাই থকা হয়৷

কাঁহ শিল্প

হাতুৰীৰে পিটি ইয়াক বাচনৰ গঢ় দিয়াৰ সময়ত মূল ওজা কহাঁৰজনে সৰাঁহেৰে ইয়াক টানকৈ ধৰি ঘূৰাই  থাকে আৰু বাকী কহাঁৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে৷ ডাঙৰ হাতুৰীৰ চিনবোৰ জুইৰ তাপ দি সৰু হাতুৰীৰে  কোবাই মিহি কৰা হয়৷
তাৰ পিছত কিছুসময় পানীত জুবুৰিয়াই থৈ চেঁচাঁ পৰাৰ পিছত অ’ৰে ঘঁহি মিহি আৰু চাফা কৰা হয়৷ পিছত আকৌ কুন্দাত দি গুনা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয়৷ সৰ্বশেষত ছেনাৰ সহায়ত কাঁহৰ বাচনত ফুল-পাত, লতা, নাম আদি কটা হয়৷

কাঁহৰ এই প্ৰস্তুতকৰণ প্ৰণালী সম্ভৱ হোৱা ঠাইখিনিক “গঢ়শাল“ বোলা হয়৷ একোখন গঢ়শালত আঠ-দহজনীয়া লোকৰ এটা দলে কাম কৰে৷ এই গঢ়শালৰ মুখ্য কহাঁৰজনক “ওজাকহাঁৰ“ আৰু বাকী কেইজনক “ভাইগা কঁহাৰ“ বোলে৷ কাঁহ প্ৰস্তুত কৰা ঘৰটোক গঢ়শাল বোলা হয়৷

কাঁহ-শিল্পৰ সজুঁলি আৰু উৎপাদিত সামগ্ৰীঃ-         

কাঁহ-শিল্পৰ উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত সজুঁলি সমূহ হ’ল-

  • নিয়াৰি- পিতল খুন্দা লোৰ ডাঙৰ যতন৷
  • বেলমূৰি- মজলীয়া আকাৰৰ নিয়াৰি৷
  • চাতুলি- সৰু আকাৰৰ নিয়াৰি৷
  • সৰাঁহ- কাঁহ পেলাবলৈ ব্যৱহাৰ কৰা যতন৷
  • আফৰ- জুইশাল৷
  • হাতুৰী- কাঁহৰ বাচনক গঢ় দিয়াৰ বাবে ব্যৱহাৰ কৰা লোৰ সজুঁলি৷
  • ঢেকা- এটা মূৰে ভাঁজ থকা লোৰ নিয়াৰি৷
  • খন্তা- কাঁহ চাফা কৰিবলৈ ব্যৱহাৰ হোৱা লোৰ সজুঁলি৷
  • ছেনা- ফুল কাটিবলৈ ব্যৱহাৰ কৰা বটালীৰ নিচিনা সজুঁলি৷
  • ৰেতি- কাঁহৰ বাচন ঘঁহি কাটিব আৰু মিহি কৰিবলৈ  ব্যৱহাৰ কৰা সঁজুলি৷
  • মুহী- কাঁহ জুইত গলাবলৈ ব্যৱহাৰ কৰা মাটিৰ পাত্ৰ৷
  • ঘৰমাৰা- ফুল কাটিবলৈ ব্যৱহাৰ কৰা লোৰ শলা৷
  • বাগী- ফুল কাটিবলৈ ব্যৱহাৰ কৰা সঁজুলি৷
  • পঁজাল- বিভিন্ন সাঁচৰ সামগ্ৰী গঢ় দিয়াৰ বাবে ব্যৱহাৰ কৰা সঁজুলি৷

সৰ্থেবাৰীৰ কঁহাৰসকলে বৰ্তমান ১৪৮ বিধ কাঁহৰ বাচন তৈয়াৰ কৰি আছে৷ এই কাঁহৰ বাচনবোৰ ভাৰতবৰ্ষৰ উপৰিও অন্য দেশ ভূটান, নেপাল, তিব্বত আদিত বিক্ৰী কৰা হয়৷ সৰ্থেবাৰীৰ কঁহাৰসকলে গঢ়শালত প্ৰস্তুত কৰা বাচন কিছুমানৰ নাম তলত উল্লেখ কৰা হয়-

কাঁহ শিল্প
  • কাঁহী- কাঁহী বিভিন্ন প্ৰকাৰৰ পোৱা যায়৷ বাণকাঁহী, জাতকাঁহী, মাইহাং কাঁহী, পাণ ধোৱা কাঁহী, ডফলা কাঁহী, চুচ কাঁহী আদি৷
  • বাতি- কাঁহৰ বিভিন্ন প্ৰকাৰৰ বাতি পোৱা যায়- বাণ বাতি, জেলবাতি, তেল বাতি, হাতীখুজীয়া বাতি ইত্যাদি৷
  • তাল- ভোৰতাল, পাতিতাল, খুটিতাল আদি৷
  • ঘটি
  • লোটা
  • ডগডগী লোটা
  • কলহ
  • চৰিয়া
  • বঁটা
  • শৰাই
  • গছা
  • ভোগজৰা
  • গুৰগুৰি

এই প্ৰধান সামগ্ৰীবোৰৰ উপৰিও ফুলদানী, টেমী, কলচী, দাপনী, জাৰী, চামুচ আদিও কাঁহেৰে নিৰ্মাণ কৰা হয়৷  অসমৰ বাপটি সাহোন বিহুৰ লগতো কাঁহ জড়িত হৈ আছে৷

নাগাৰা নামত ব্যৱহৃত ভোৰতালৰ ৰজনজনাই যোৱা শব্দই যেন সৰ্থেবাৰীৰ কাঁহ শিল্পৰে গুনানুকীৰ্তন কৰে৷ অসমৰ সত্ৰ, নামঘৰ আদিত সৰ্থেবাৰীত উৎপাদিত কাঁহ সামগ্ৰীক শ্ৰদ্ধাৰে গ্ৰহণ কৰা দেখা যায়৷

কাঁহ শিল্পৰ বৰ্তমান চাহিদাঃ-

অতি সম্প্ৰীতি ঐতিহ্যমণ্ডিত কাঁহ শিল্পটোৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিছে৷ যাৰ ফলত উদ্যোগটোৰ গতি সাময়িক ভাৱে লেহেম হৈ  পৰিছে৷

সমবায় কঁহাৰ সংঘই শিল্পীসকলৰ অভাৱ পূৰণত ব্যৰ্থ হৈ পৰিছে৷ প্ৰয়োজনীয় কেঁচা মাল যোগান ধৰিব নোৱাৰাৰ ফলত উৎপাদনৰ হাৰ নিম্নগামী নহ’লেও উৰ্ধগামীও হ’ব পৰা নাই৷ কঁহাৰ শিল্পীসকলে গোটেই দিনটো হাড়ভঙা পৰিশ্ৰম কৰাৰ পিছতো তেওঁলোকে পোৱা সামান্য পাৰিশ্ৰমিকেৰে পৰিয়াল পোহপাল দিয়াটো একপ্ৰকাৰ জটিল হৈ পৰিছে৷ সেয়ে কঁহাৰ শিল্পীসকল মধ্যভোগীৰ জালত সোমাই পৰিছে৷ মধ্যভোগীৰ পৰা অধিক সূতত টকা ধাৰে লৈ পৰিয়াল পোহপাল কৰিবলগা হোৱাত শিল্প উদ্যোগটোৰ উত্তৰণত তেওঁলোকে একো সঁহাৰি জনাব পৰা নাই৷

বৃহত্তৰ সৰ্থেবাৰীত বৰ্তমান প্ৰায় ২৮০ কাঁহৰ গঢ়শালত প্ৰায় ১৪৬৬জন কাঁহ_শিল্পীয়ে স্বকীয় প্ৰতিভাৰে নিজ কৰ্মত বৰ্তি আছে৷ কিন্তু কেঁচামালৰ অভাৱত উদ্যোগটো স্থবিৰ যেন হৈ পৰিছে৷ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা ৰাং আৰু তাম বাহিৰৰ পৰা আনিব লাগে৷ ভগা কাঁহৰো সৰবৰাহ হয়৷ বৰ্তমান পাকিস্তানৰ পৰা ফাঁচীবজাৰৰ মধ্যভোগীৰ জৰিয়তে সৰ্থেবাৰীলৈ ভগা কাঁহৰ সৰবৰাহ কৰা হয়৷ সেয়ে যিকোনো সময়তে মধ্যভোগীয়ে ইয়াৰ মূল্য বৃদ্ধি কৰিব পাৰে৷ উদ্যোগটো যেন সম্পূৰ্ণ তেওঁলোকৰ নিয়ন্ত্ৰাণাধীন হৈ পৰিছে৷

ইন্ধনৰ বাবে প্ৰয়োজন হোৱা এঙাৰ গাৰো পাহাৰৰ পৰা আহে৷ অসমত তেনে এঙাৰ পোৱা নাযায় বাবে বাহিৰৰ ৰাজ্যৰ পৰা ইয়াক সৰবৰাহ কৰা হয়৷ সেইবাবে উৎপাদন গোটসমূহে অধিক মূল্য ভৰিব লগা হয়৷

কাঁহ_শিল্পীসকল দক্ষ যদিও তেওঁলোকৰ কাৰিকৰী কৌশল আৰু বিজ্ঞান সন্মত দৃষ্টিভংগী দুৰ্বল৷ সেয়ে এই শিল্পীসকল বিজ্ঞানসন্মতভাৱে পিছপৰি ৰৈছে আৰু তাৰ পৰিবৰ্তে পুৰণি হাতুৰী, চেনা, খন্তিকে সাৰোগত কৰি শিল্পীসকলে উৎপাদন কাৰ্য অব্যাহত ৰাখিছে৷ ফলত যথেষ্ট সংখ্যক উৎপাদন কৰা কাৰ্যত ব্যাঘাত জন্মিছে আৰু উৎপাদন সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিছে৷ সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰীৰ দৰে হুবহু  সামগ্ৰী তৈয়াৰ কৰা অত্যাধুনিক সা-সামগ্ৰী প্ৰস্তুত কৰাৰ কৌশল বাহিৰৰ দেশসমূহে আয়ত্ত কৰিছে৷ সু- পৰিকল্পিত নীতি- নিৰ্দেশনাৰ অভাৱত শিল্পীসকল পিছপৰি ৰৈছে৷

প্ৰতি বছৰে শিল্পী সাহিত্যিক পেঞ্চন পোৱা লোকৰ সংখ্যা যথেষ্ট দেখা যায়৷ কিন্তু দূৰ্ভাগ্যজনক ভাৱে সৰ্থেবাৰীৰ কাঁহ-শিল্পী সকল বাদ পৰি ৰৈছে৷ ২০০৮ চনৰ পৰা সৰ্থেবাৰীৰ কাঁহ শিল্পী সকললৈ চৰকাৰী পেঞ্চন আগবঢ়াইছিল যদিও ২০১৪ চনৰ পৰা পুনৰ বন্ধ হৈ যায়৷

কঁহাৰ শিল্পীৰ সৰ্বাধিক দায়িত্ব ’অসম সমবায় কঁহাৰ সংঘ’ৰ আছে যদিও বজাৰখন বৰ্তমানেও মহাজন শ্ৰেণীৰ নিয়ন্ত্ৰণত আছে৷ মহাজন শ্ৰেণীয়ে এখন অধিক মুনাফা আদায়ৰ বজাৰৰ সৃষ্টি কৰিছে৷ কাঁহৰ সামগ্ৰীসমূহ বজাৰলৈ উলিওৱাৰ ক্ষেত্ৰত কোনো পেকিঙৰ ব্যৱস্থা নথকাৰ ফলত ধূলি-বালিৰ চামনি পৰি ইয়াৰ উজ্জ্বলতা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

বজাৰত সহজলভ্য তথা কম মূল্যতে পোৱা কাঁচ- তীখাৰ সামগ্ৰীৰ তুলনাত কাঁহ বা পিতলৰ সামগ্ৰীৰ চাহিদা হ্ৰাস পাইছে৷ মেচিনত তৈয়াৰী সামগ্ৰীৰ মূল্য হাতে গঢ়া সামগ্ৰীৰ মূল্যতকৈ কম আৰু যাৰ ফলত কাঁহৰ সামগ্ৰীৰ মূল্য তুলনামূলক ভাবে বেছি হোৱা বাবে কাঁহ শিল্পৰ চাহিদা যেন ক্ৰমে হ্ৰাস হৈ আহিছে আৰু যেন ধ্বংসৰ ফালে গতি কৰিছে৷

সামৰণি

সৰ্থেবাৰীৰ কঁহাৰ শিল্পীসকল জীৱন আৰু জীৱিকাৰ বাবে লোক হস্তকলাটোক গ্ৰহণ কৰাৰ লগতে এবিধ আপুৰুগীয়া কুটীৰ শিল্প আৰু সম্পদৰ সংৰক্ষণকাৰী তথা ইয়াৰ বিকাশত অৰিহনা যোগোৱা একো একোজন সুনিপুণ খনিকৰ তথা ভাস্ক্যৰ্য শিল্পী৷ এই সুনিপুণ হাতৰ শিল্পীসকলৰ হাততে প্ৰাণ পাই উঠে নিপুণ ভাস্কৰ্য্যই৷ তেওঁলোকৰ স্বকীয় সৃষ্টিতে লুকাই আছে একো একো গৰাকী শিল্পীৰ নিপুনতাৰ পৰিচয়৷

সহায়ক গ্ৰন্থপুঞ্জী:-

  • স্মৃতিগ্ৰন্থ: ভোৰতাল (সম্পা. প্ৰফুল্ল তামুলী, দক্ষেশ্বৰ ডেকা)
  • প্ৰৱন্ধ: ধনজিৎ ডেকা (দৈনিক অসম)

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *