সাধুকথাৰ পৰিচয়
সংস্কৃতি (Culture) ৰ পৰিসৰ অতি ব্যাপক। সংস্কৃতিৰ গুণ লক্ষণ বৈশিষ্ট্য আদি বিচাৰ কৰি ইয়াক তিনিটা ভাগত ভগাব পাৰি-
- অভিজাত সংস্কৃতি
- লোক সংস্কৃতি (Folk- Culture)
- জনজাতীয় সংস্কৃতি
Table of Contents
প্ৰথম দুটাক সংস্কৃতিৰ উপ-সংযুতি (Sub- structure) আখ্যা দিব পাৰি। আচলতে দুয়োটা সংস্কৃতি উভয়ে উভয়ৰ পৰিপূৰক।
লোকসংস্কৃতি পৰিসৰ অতি ব্যাপক। ৰিচাৰ্ড এম্. ডৰচনৰ মতে লোক সংস্কৃতিক চাৰি প্ৰকাৰে ভাগ কৰিব পাৰি-
- মৌখিক সাহিত্য (oral literature)
- ভৌতিক সংস্কৃতি (material culture)
- সামাজিক লোক-ৰীতি-নীতি (social folk custom)
- লোক-পৰিৱেশ্য কলা (performing folk arts)
মৌখিক সাহিত্যৰ শ্ৰেণীবোৰ হ’ল-
- লোককথা বা কাহিনী,
- বৰ্ণনাত্মক বা কাহিনীযুক্ত লোক-কবিতা
- লোক মহাকাব্য
- লোকোক্তি
- সাঁথৰ বা দিষ্টান
- লোকভাষা
মৌখিক সাহিত্যক ‘বাচিক কলা’ বা ‘Verbal Art’ বুলিব পাৰি। মৌখিক সাহিত্যক লোকসাহিত্য, অলিখিত সাহিত্য, জনপ্ৰিয় সাহিত্য, আদিম সাহিত্য আদি বিভিন্ন আখ্যা দিয়া হয়। এইবোৰ ব্যক্তি নিৰপেক্ষ ৰচনা। ই মৌখিক ভাৱে জন্ম লাভ কৰি মুখ পৰম্পৰাতেই চলি থাকে। কেতিয়া লিখিত সাহিত্য গৈ গৈয়ো মৌখিক পৰম্পৰাত প্ৰৱেশ কৰিব পাৰে বা মৌখিক সাহিত্য গৈয়ো লিখিত সাহিত্যত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ উদাহৰণ- সাধু_কথা বা লোককথা।
মৌখিক সাহিত্যৰ কাহিনী বা লোককথা- উপবিভাগেই হ’ল সাধুকথাবোৰ। সাধুকথাবোৰ পৰম্পৰাগতভাৱে মৌখিকভাৱে লোক সমাজত প্ৰচলিত হৈ আহিছে।
সাধুকথা অসমীয়া সাহিত্যৰ মৌখিক সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধু_কথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। পৃথিৱীত এনে কোনো ভাষা নাই যি ভাষাত সাধুকথাৰ স্থান নাই। তেনেদৰে অসমীয়া সাহিত্যতো সাধুকথা স্থান আছে।
অসমীয়া সমাজত যেনেদৰে কেঁচুৱাক নিচুকাবৰ বাবে নিচুকণি গীত; ডেকাৰ বনগীত, বিহুগীত, নাওখেলৰ গীত; বুঢ়া আৰু আগবয়সৰ লোকৰ বাবে দেহবিচাৰৰ গীত আছে তেনেদৰে শিশুৰ জিৰণি সময়ৰ সমল হিচাপে আছে নানা ৰসাল সাধু_কথা। অসমীয়াৰ সমাজত যিমান দিনলৈ ককা-আইতা আৰু নাতিৰ সম্পৰ্ক থাকিব সিমান দিনলৈ সাধুকথাও জীয়াই থাকিব।
সাধুকথাৰ অৰ্থ- সাধু বা সন্তসকলে কোৱা সজ কথা; কোনো এটা বিশেষ উপদেশ বা জ্ঞান দিবৰ বাবে মনে সজা কথা; উপকথা বা পুৰণি আখ্যান। অৰ্থ্যাৎ সাধু_কথা সাধুসকলে কোৱা উপদেশপূৰ্ণ কাহিনী বা যিকোনো প্ৰকাৰ ৰ পুৰণি কাহিনী বা উপাখ্যান হ’ব পাৰে। উপদেশ যুক্ত আৰু উপদেশ ৰোহিত এই দুয়ো প্ৰকাৰৰ পুৰণি আখ্যানে সাধু_কথা হ’ব পাৰে।
অসমীয়া সাহিত্যত সাধু_কথাৰ ভঁড়াল যথেষ্ট পৰিমাণে চহকী। এই সাধুবোৰৰ কিছুমান অসমীয়াত আৰু বাকীবিলাক কছাৰী, ৰাভা, মিকিৰ আদি জনজাতীয় ভাষাত ৰচিত। কিছুমান লেখত লবলগীয়া সাধু অসমৰ সকলো অধিবাসীৰ মাজতে সমানে পৰিচালিত।
সাধুকথাৰ ভাগবোৰঃ
অসমৰ সাধুবোৰক তিনিটা ভাগত ভগোৱা হয়-
- থলুৱা
- সংস্কৃতৰ পৰা অহা
- বিদেশী।
থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ’ল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ লগত একেই।
সাধু শব্দৰ অৰ্থ হ’ল সাউদ বা বণিক। গতিকে, সাধু বা সাউদৰ কথাৰ পৰাও সাধুকথা হ’ব পাৰে। বণিক সকলে আগৰ দিনত নাৱৰে গৈ দূৰ দূৰণিত বেহা-বেপাৰ কৰি ধন ঘটিছিল। আৰু ঘৰলৈ উভতি আহি তেওঁলোকৰ নানান অভিজ্ঞতাৰে ভৰা বিচিত্ৰ কাহিনীবোৰ মানুহক শুনাইছিল। সেয়া কৰিবলৈ যাওঁতে কাহিনীত অতিৰঞ্জিত কথাও সোমাই দিছিল। সেইবোৰৰ লগত পাঠকৰ জ্ঞানৰ সম্পৰ্ক প্ৰত্যক্ষভাৱে থকাৰ বাবে সেয়া শুনিবলৈ হাবিয়াস কৰিছিল। বিশেষকৈ সৰু সৰু ল’ৰা- ছোৱালীবোৰে এইক্ষেত্ৰত অতিশয় ব্যগ্ৰতা প্ৰদৰ্শন কৰিছিল। ক্ৰমে এইবোৰে এনেদৰেধৰণে গৈ গৈ সাধু_কথা হৈছিল।
সাধুকথাবোৰ পুৰুষানুক্ৰমে মুখে বাগৰিবলৈ ধৰিলে। এইবোৰ এঠাইৰ পৰা আন ঠাইলৈ প্ৰচাৰিত হ’ল। আনকি ৰামায়ণ, মহাভাৰত, পঞ্চতন্ত্ৰ, হিতোপদেশ আদি সংস্কৃত শাস্ত্ৰৰ পৰাও সাধুসকলৰ মুখেৰে সাধু_কথা প্ৰচাৰ হ’বলৈ ধৰিলে। এনেধৰণৰ সাধুকথাবোৰ সাধৰণতে উপদেশপূৰ্ণ। ব্যক্তি আৰু সমাজক শিক্ষা প্ৰদান কৰাৰ বাবে ইয়াৰ সৃষ্টি হয়। এই কাহিনীবোৰৰ লক্ষ্য আছিল ৰস সৃষ্টি আৰু ৰসবিস্তাৰ। ৰসেই সাধুকথাৰ মুখ্য বস্তু।
সাধুকথাত নানা ধৰণৰ অবাস্তৱ ঘটনাও ঘটা দেখা যায়। কওঁতা গৰাকীয়ে নিজৰ ৰুচি আৰু সামৰ্থ্য অনুসাৰে সাধু_কথাৰ বৰ্ণনা কৰি যায়। সাধু_কথাবোৰত হাতীয়ে উৰা মাৰে, জন্তুৱে কথা কয়, মানুহ ভোমোৰা হৈ পৰীৰ দেশলৈ উৰা মাৰে, ফুলকোঁৱৰীক বিয়া কৰায়, জীৱবোৰে ৰূপ সলাই মানুহ হয়। মানুহবোৰ ফুল চৰাই আদি হৈ পৰে। উদাহৰণ হিচাপে অসমীয়া সাহিত্যৰ তেজীমলাৰ সাধুটোৰ কথাকে ক’ব পাৰি। মাহীমাকে ঢেঁকীৰে খুন্দি তেজীমলাক পুতি থোৱা ঠাইত তেজীমলা লাও হৈ গজে, লাওৱে কথা কয়; মাহীমাকে ভয়তে উভালি বাৰীৰ পিছপিনে পেলাই দিয়ে তাত আকৌ সুমথিৰা হৈ গজি উঠে; সুমথিৰাই কথা কয় কাটি পেলাই দিয়াত ফুল হয়; ফুল গুচি শালিকী হয় আৰু শেষত পুনৰ মানুহৰ ৰূপ লয়।
অসমীয়া সমাজত প্ৰচলিত সাধু_কথাবোৰত জগতৰ বিভিন্ন প্ৰকাৰৰ কথাও কোৱা হয়। এনে কিছুমান সাধুও আছে যিবোৰ মাত্ৰ জীৱ-জন্তুক কেন্দ্ৰ কৰিয়ে ৰচনা কৰা হৈছে। এনে সাধুও আছে যাৰ কাহিনী সৰু কিন্তু অতি ৰসাল আৰু খুহুতীয়া। কিছুমান সাধু_কথাত প্ৰকৃতিৰ নানা ঘটনাৰ কাৰণবোৰ দেখুৱাবৰ যত্ন কৰা হয়, যেনে: – আকাশখন ওখ হোৱাৰ কাৰণ, লুইতে ফেনায় কিয়, আলিবাটবোৰ কেঁকোৰা-কেঁকুৰি হ’ল কিয় ইত্যাদি বিভিন্ন ঘটনা। এনেদৰে অসমীয়া সাধুকথাত প্ৰেম-প্ৰীতি, পিতৃ-মাতৃস্নেহ, সপত্নী-বিদ্বেষ, ঈৰ্ষা-অসূয়া, জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতিসমূহৰ সৰল আৰু মুকলি প্ৰকাশ দেখা যায়। প্ৰসংগক্ৰমে নৈতিক জীৱনৰ আদৰ্শও সাধু_কথাবোৰে পৰোক্ষভাৱে দাঙি ধৰে।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)