লোকবিশ্বাসৰ পৰিচয়

লোকবিশ্বাসৰ পৰিচয়

লোকবিশ্বাস হৈছে লোকসংস্কৃতিৰ এটা মূল উপাদান। লোকসংস্কৃতিয়ে লোকবিশ্বাসৰ সতে সাঙোৰ খাই থাকে।

সহজকৈ ক’বলৈ হ’লে লোক-বিশ্বাসসমূহ পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ থকা আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা আদিৰ বহিঃপ্ৰকাশ। লোক বিশ্বাসৰ লগত কোনো এখন সমাজৰ ৰীতি-নীতি জড়িত হৈ থাকে। এই লোক- বিশ্বাসবোৰ যুক্তিহীন ভাৱে গঢ় লৈ উঠিছে যদিও এইবোৰত কিছু পৰিমানে বৈজ্ঞানিক ভাৱো নিহিত হৈ থাকে।

লোকবিশ্বাসৰ পৰিচয়

লোক-বিশ্বাসৰ  সৃষ্টি সম্পৰ্কে কোনেও ঠিৰাং কৈ ক’ব নোৱাৰে। লোকসমাজত চলি অহা জীৱন আৰু জগত সম্পৰ্কীয় লোকবিশ্বাসে বহুসময়ত ব্যক্তিৰ জীৱন আৰু সমাজক নিয়ন্ত্ৰণ কৰি ৰাখে। এজন মানুহক জন্মৰ আগৰ পৰা মৃত্যু পিছলৈকে লোকবিশ্বাসসমূহে আৱৰি ৰাখে।

কিন্তু লোকবিশ্বাসৰ ইতিবাচক দিশৰ শক্তিতকৈ নেতিবাচক দিশৰ শক্তি বেছি। নাপায়, নোৱাৰি, অমংগলীয়া  আদি কথাৰ পৰা হাত সৰাৰ ভয়তহে মানুহৰ মনত বা কোনো এখন সমাজত লোকবিশ্বাসৰ জন্ম হৈছিল। অৱশ্যে এই পায়-নেপায়, লাগে-নেলাগেবোৰৰ আঁৰতো মানৱ সমাজত সুখ-শান্তি আৰু শৃংখলাসমূহ বজাই ৰখাৰ মহৎ উদ্দেশ্য নিহিত হৈ থাকে। সকলো লোক-বিশ্বাসৰ বৈজ্ঞানিক যুক্তিযুক্ততা বিচাৰি পোৱা নাযায় যদিও বেছিখিনি নীতি-নিয়ম বা পৰম্পৰাই একোখন সমাজক শৃঙ্খলাবদ্ধতাৰে বান্ধি ৰাখে। এই লোকবিশ্বাসে প্ৰতিজন মানুহক সু-স্বাস্থ্যৰে জীয়াই থকাতো বলিষ্ঠ অৰিহণা যোগাই আহিছে।

লোকবিশ্বাস সমূহৰ মাজেৰে এটা জাতিৰ ধ্যান- ধাৰণা, ৰুচি- অভিৰুচি, মানসিকতা, জাতীয় সংস্কৃতি আদি নানা দিশৰ আভাস পোৱা যায়। এই লোকবিশ্বাস সমূহেই গৈ এটা সময়ত যি কোনো জাতি এটাৰ বুৰঞ্জী হৈ পৰে। লোক-বিশ্বাসৰ দাপোনতে এখন সমাজত বাস কৰা লোকৰ মানসিকতা প্ৰকাশ ঘটে।

লোকবিশ্বাসৰ ভাগ

বিখ্যাত লোকবিদ্যাবিদ এলান ডাণ্ডেজ (Alan Dundes)ৰ মতে- লোকবিশ্বাসক উপকৰণ বা চৰ্ত আৰু পৰিণতি এই দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। অৱশ্যে এই বিভাজন সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ নহয়। আনহাতে সাংযুতিক দৃষ্টিভংগীৰ ফালৰ পৰা ইয়াক তিনিটা ভাগত ভগাব পাৰি-

  • সংকেং- লোকবিশ্বাস (sign folk belief)
  • যাদু লোকবিশ্বাস (magic folk belief)
  • পৰিৱৰ্তিত লোকবিশ্বাস (conversion folk belief)
লোকবিশ্বাসৰ পৰিচয়

অসমীয়া সমাজত জন্ম, মৃত্যু, বিবাহ, ধৰ্মীয়, দৈনন্দিন বা ব্যৱহাৰিক প্ৰতিটো দিশতে কম- বেছি পৰিমানে লোকবিশ্বাস সমূহ জৰিত হৈ আছে। সহজকৈ ক’বলৈ হ’লে কোনো এজন ব্যক্তিৰ জন্মৰ আগৰ পৰাই লোকবিশ্বাস সমূহে সেই ব্যক্তিজনক ঘেৰি ৰাখে। এই লোকবিশ্বাসবোৰক কেন্দ্ৰ কৰিয়েই অসমীয়া চহা লোকে জীৱন নিৰ্বাহ কৰা দেখা যায়। এই লোকবিশ্বাস বা লোকধৰ্ম সমূহে এটা জাতি বা এখন সমাজত বসবাস কৰা মানুহৰ মনত কেনে প্ৰভাৱ পেলায় তাৰ প্ৰকাশ তেওঁলোকৰ আচৰণতে প্ৰকাশ পায়।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *