মাছ হ’ল প্ৰজননৰ প্ৰতীক। সেইবাবেই অসমীয়া সমাজতে হওঃক বা অইন জনজাতীয় সমাজতে হওক বিয়াৰ সময়ত মাছ দিয়াটো অসমৰ প্ৰতিটো জাতি জনজাতিৰে বিশ্বাস।
Table of Contents
অসমৰ প্ৰায় সকলো অঞ্চলতে সন্তান জন্ম হ’লে মাছ বিলায় দিয়াৰ নিয়ম। এনে কৰ্মৰ দ্বাৰা মাছৰ প্ৰজনন ক্ষমতা শিশুটিলৈ অহা বুলি বিশ্বাস কৰা হয়।
অসমৰ বাহ্মণ সমাজত পোহন বিয়া পতাৰ নিয়ম আছে। গৰ্ভৱতী তিৰোতাক তৃতীয় বা অষ্টম মাহত এযোৰ জীয়া মাছ স্পৰ্শ কৰিবলৈ দিয়া হয়। পিছত মাছজোৰ বোৱতী পানীত এৰি দিয়া হয়। এনে কৰিলে সু- সন্তান লাভ হয় বুলি বিশ্বাস আছে।
অসমৰ লোকসমাজত মাছ সম্পৰ্কে কেতবোৰ অশুভ লোকবিশ্বাসৰো প্ৰচলন আছে। সেইবোৰ যেনেঃ-
- কাতি মাহত মাছ খাব নাপায়। খালে অমংগল হয়।
- শনিবাৰে পোৰা মাছ খালে শনিৰ কু-দৃষ্টি পৰে। বৃহস্পতিবাৰে মাছ খালে ঘৰত লক্ষ্মী নৰয়।
- ব্ৰাহ্মণসকলে কুচীয়া নাখায়।
- গৰ্ভৱতী মহিলাই মাছ কাটিব নাপায়। গৰ্ভস্থ সন্তানৰ অমংগল হয়।
- সপোনত মাছ দেখিলে পিশাচে পায়।
কিন্তু অসমীয়া লোকসমাজৰ দৃষ্টিত মাছ অতি মংগলজনক। সেয়ে কৰোৱালৈ যাত্ৰা কৰিলে মাছ দেখিলে শুভ বুলি ভবা হয়। বাটত মাছ পালে তেনে মাছ নি ভৰাঁলত থ’লে শুভ হয়।
জনজাতীয় লোকসমাজত মাছৰ লগত জড়িত লোকবিশ্বাস
মিচিংসকলৰ মতে নদীত নাওৰে গলে নাওত মাছ জঁপিয়াই পৰাতো অতি শুভ।
নলগা গছৰ গুৰিত মাছৰ পানী দিলে ফল লাগে। শুভ কাৰ্যত মাছক অতি পবিত্ৰ বুলি ভবা হয় সেয়ে অসমীয়া সমাজৰ বিয়াৰ আগদিনা দিয়া জোৰণৰ নিয়মত নানান বস্তুৰ লগত এটা ডাঙৰ মাছ নিয়াৰ নিয়ম আছে।
মিৰি সকলৰ বিয়াতো মাছৰ ব্যৱহাৰ হয়। মাছ কম হ’লে কইনাপক্ষক অৱজ্ঞা কৰা হয়।
অসমীয়া সমাজত পৰিয়ালৰ কোনো ব্যক্তি ঢুকালে অশৌচৰ দিনকেইটাত মাছ খাব নাপায় বুলি নিয়ম আছে। শ্ৰাদ্ধৰ পিছত গিয়াতনি ভোজ পাতি মাছ স্পৰ্শ কৰি ৰাইজৰ লগত ভোজ ভাত খোৱা হয়। মৃতকৰ অৰ্থে মাছ ৰান্ধি পিণ্ড দান কৰা হয়।
(আশা কৰোঁ আপুনি “মাছৰ লগত জড়িত লোকবিশ্বাস” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)