ব্যাসকুছি গাওঁৰ অৱস্থিতি
সত্ৰ নগৰী বৰপেটাৰ পৰা প্ৰায় ২৬ কি.মি. পূৱে কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ ওচৰত অৱস্থিত ব্যাসকুছি গাওঁখন।
Table of Contents
“ব্যাসকুছি” নামৰ উৎপত্তি
‘ব্যাসকুছি’ নামটোৰ উৎপত্তিৰ অন্তৰালত দুটা চলিত জনমত আছে। প্ৰথম মত মতে, স্বয়ং ব্যাসদেৱৰ পৰা ব্যাসকুছি নামটোৰ উৎপত্তি হয়। কোৱা হয়, ব্যাসে কাশী স্থাপনত ব্যৰ্থ হৈ কৌটি লিঙ্গ স্থাপনৰ উদ্দেশ্যৰে কামাখ্যালৈ আহে যদিও কামাখ্যাতো কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি পশ্চিমৰ দিশলৈ ভটিয়াই আহে আৰু যাত্ৰাকালত ক্লান্তি অনুভৱ কৰি বুঢ়ীলুইতৰ পাৰৰ এঠাইত কিছুদিনৰ বাবে বিশ্ৰাম লয় আৰু পৰৱৰ্তী সময়ত ব্যাসদেৱে জিৰণি লোৱাৰ বাবে ঠাইখিনি ব্যাসকুছি নামে জনাজাত হৈ পৰে।
দ্বিতীয় মত মতে, ‘ব্যাসকুছি’ নামৰ উৎপত্তি হয় ভট্টদেৱৰ পৰা। ভট্টদেৱ বিদগ্ধ পণ্ডিত তথা তেওঁ বিৰল প্ৰতিভাৰ পাণ্ডিত্যৰে দীপ্তিমান হৈ উঠিছিল ভাগৱত ব্যাখ্যানত। ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ। ‘ভট্টদেৱ’ তেওঁৰ উপাধিহে। বৈকুণ্ঠনাথে দামোদৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বতেই তেওঁৰ যশৰাজি চৌদিশে বিয়পি পৰে আৰু তেওঁৰ পাণ্ডিত্যৰ কথা শুনি বৰনগৰৰ ব্ৰাহ্মণ সমাজে তেওঁক ভাগৱত পাঠ কৰিবলৈ নিমন্ত্ৰণ কৰে।
বৈকুণ্ঠনাথৰ ভাগৱত ব্যাখ্যাত সন্তুষ্টি লাভ কৰি সেই ব্ৰাহ্মণ সমাজে তেওঁক ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ উপাধি প্ৰদান কৰে। পিছলৈ তেওঁ এই নামেৰেই খ্যাত হৈ পৰে। ভট্টদেৱে কৰা ভাগৱত পাঠ ব্যাখ্যাত যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল স্বয়ং ব্যাসদেৱেও তেনেদৰে পাৰিছিল নে নাই তাত মানুহে সন্দেহ প্ৰকাশ কৰিছিল। সেয়েহে মানুহে তেওঁক কেৱল ভট্টদেৱ বুলিয়ে সন্তুষ্ট থকা নাছিল; মাজে-সময়ে ‘ ব্যাসদেৱ’ বুলিও অভিহিত কৰিছিল। দামোদৰদেৱে এই সম্পৰ্কে এনেদৰে কৈ গৈছে-
শুনা কবিৰত্ন তুমি ব্যাস সমসৰ।
তুমি মোৰ অপৰ বান্ধৱ দামোদৰ॥
(গুৰুচৰিত: নীলকণ্ঠ দাস)
নামে কবিৰত্ন মহা সাধু একজন।
জন্মিলন্ত তেন্তে আসি অংশ নাৰায়ণ॥
ভাগৱত ব্যাসৰ সমান হেন জানি॥
(ধৰ্মদেৱ চৰিত্ৰ: ৰঘুনাথ)
গতিকে ভাগৱতজ্ঞ ব্যাসদেৱ যি ঠাইত আছিল সেই ঠাইখিনি ব্যাসকুছি নামে প্ৰসিদ্ধ হয়। যুক্তিৰ ফালৰ পৰা চালে, ব্যাসকুছি নামৰ উৎপত্তিৰ ক্ষেত্ৰত দ্বিতীয় মতটো বেছি গ্ৰহণযোগ্য। কাৰণ ব্যাসকুছি সত্ৰৰ প্ৰতিষ্ঠাপক ভট্টদেৱ; গতিকে ব্যাসকুছি গাওঁৰো প্ৰতিষ্ঠাপক ভট্টদেৱ। সেয়ে ভট্টদেৱৰ নামেৰেই তেওঁ স্থাপন কৰা সত্ৰ বা গাওঁৰ নাম হোৱাটোহে বেছি সম্ভৱপৰ।
ব্যাসকুছি সত্ৰৰ পৰিচয়ঃ-
বৰ্তমান ব্যাসকুছি সত্ৰখন ব্যাসকুছি গাওঁৰ মধ্যভাগত অৱস্থিত। ব্যাসকুছি নামটোৰ পিছত দ্বিমত থকাৰ দৰে ব্যাসকুছি সত্ৰ স্থাপনৰ ক্ষেত্ৰতো দুটা মত প্ৰচলিত হৈ থকা দেখা যায়। প্ৰথম মত অনুসৰি, দামোদৰদেৱে নগাঁৱৰ পৰা পাটবাউসীলৈ বুঢ়ী লুইতেৰে ভটিয়াই যোৱাৰ সময়ত দামোদৰদেৱে বৰকাপলা বিল এৰি গৈ নদীৰ পাৰত বেঙে সাপ ধৰা ধৰণৰ আচৰিত কাণ্ড দেখি তবধ মানে আৰু নাও ৰাখি পাৰত উঠে আৰু তাতে এটি খুঁটি পুতি ১২ জন ভকতক সেই ঠাইত এৰি যায় আৰু ভট্টদেৱে পিছত আহি সেই ঠাইত সত্ৰ স্থাপন কৰে।
দ্বিতীয় মত অনুসৰি, দামোদৰদেৱৰ কথামতে বহুদিন ধৰি পাটবাউসী সত্ৰত ভট্টদেৱ সত্ৰাধিকাৰ হৈ থকাৰ পিছত বিশেষ কাৰণত পাটবাউসী সত্ৰ পৰিত্যাগ কৰি বুঢ়ী লুইতেৰে লক্ষ্যহীনভাৱে উজাই আহে। নদীৰ পাৰত বেঙে সাপ ধৰাৰ দৰে অবিশ্বাস্য দৃশ্য দেখি নাও ৰখাই পাৰত উঠে আৰু সেই ঠাইতে খুঁটি মাৰি ঠাইখিনিৰ অৱস্থিতি অতি মনোৰম দেখি তাতে সত্ৰ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পিছতে অকস্মাত্ গভীৰ বননিৰ পৰা কুকুৰৰ ভেঁউ- ভেঁউ শব্দ শুনি বুজিলে যে, নিশ্চয় বননিৰ মাজত জনবসতি আছে। ভট্টদেৱে লগৰ আতৈসকলক আদেশ দিলে সেই শব্দ অনুসৰণ কৰিবলৈ আৰু সেইমৰ্মে হাবিৰ মাজত ১২ঘৰ মানুহৰ অৱস্থিতি পায়। সেই ১২ ঘৰ মানুহকে সম্বল হিচাপে লৈ ভট্টদেৱে ব্যাসকুছি সত্ৰ স্থাপন কৰে।
যুক্তিৰ ফালৰ পৰা চালে দামোদৰদেৱে সত্ৰ স্থাপন কৰা কথাতকৈ ভট্টদেৱে সত্ৰ স্থাপন কৰা যুক্তিটোহে বেছি সম্ভৱ যেন লাগে। দামোদৰদেৱে ব্যাসকুছিৰ কাষেৰে বুঢ়ীলুইতেৰে পাটবাউসীলৈ ভটিয়াই গৈছিল যদিও তাত বেঙে সাপ ধৰা দৃশ্য দেখা নাছিল আৰু দেখিছিল যদিও খুটি মাৰি সত্ৰ নাপাতি ১২জন ভকত এৰি যোৱাৰ কোনো যুক্তি নাছিল। দামোদৰদেৱে তেনেদৰে ভকত এৰি যোৱা হ’লে ভট্টদেৱে বেঙে সাপ ধৰা দৃশ্য দেখি পুনৰ খুটি মাৰি কুকুৰৰ মাত শুনি হাবি ফালি ১২ঘৰ মানুহ আৱিষ্কাৰ কৰাৰ প্ৰয়োজন নাই। গতিকে ব্যাসকুছি সত্ৰ স্থাপনৰ লগত দামোদৰদেৱৰ কোনো সম্বন্ধ নাই। এই সত্ৰৰ স্থাপনকাৰী অবিসম্বাদীভাৱে ভট্টদেৱে হয়।
পৰৱৰ্তী সময়ত কালাৰায় বৰুৱাৰ সহযোগত ভট্টদেৱৰ ‘ব্যাসপাৰা’ বৃহত্তৰ ব্যাসকুছিলৈ পৰিৱৰ্তিত হৈ এখন সুন্দৰ গাওঁলৈ উন্নীত হয়।
১৯৯৯ খ্ৰীষ্টাব্দৰ ১৫ ডিচেম্বৰত ব্যাসকুছিৰ ধৰ্মানুৰাগী ৰাইজৰ সৰ্বসন্মতিত পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত ভট্টদেৱ স্থাপিত ‘বাহাৰঘাট’ ৰ পৰা বৰ্তমানৰ ব্যাসকুছি ৰাজহুৱা নামঘৰলৈ সত্ৰখন স্থানান্তৰ কৰে। ভট্টদেৱৰ গুণ- বৈভৱেৰে প্ৰদীপ্ত ব্যাসকুছি গাওঁ পিছলৈ ঐতিহ্যমণ্ডিত ৰূপত জিলিকি উঠে।
ব্যাসকুছি সত্ৰৰ প্ৰাকৃতিক পৰিৱেশঃ-
অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ গদ্য সাহিত্যৰ অৱদান চৰ্চা কৰিবলৈ যাওঁতে ভট্টদেৱ স্থাপিত একমাত্ৰ সত্ৰ ব্যাসকুছিৰ নাম পোনতে দৃষ্টিগোচৰ হয়। কিয়নো ভট্টদেৱে ইহলীলা সম্বৰণ কৰা সময়লৈ ব্যাসকুছি সত্ৰকে বসতি স্থল হিচাপে বাচনি কৰি লৈছিল।
ব্যাসকুছি সত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ এক বিশেষ গুৰুত্ব আছে। পূৰ্বতে ব্যাসকুছি সত্ৰৰ সোঁ- মাজেৰে চাউলখোৱা নদীৰ অৱস্থিতি আছিল। ইয়ে গাওঁখনক এক অপূৰ্ব সৌন্দৰ্য্য দান কৰিছিল। ভট্টদেৱকো ইয়াৰ প্ৰাকৃতিক পৰিঘটনাই আকৰ্ষণ কৰে। যাৰবাবে তেওঁ এই সৌন্দৰ্য্যত মোহিত হৈ নিজৰ জীৱনৰ অন্তিম কাল পৰ্যন্ত এই সত্ৰতে সাহিত্য চৰ্চাৰ লগতে সাহিত্যৰ বিস্তাৰ সাধন কৰে। বৰ্তমান নদীৰ অৱস্থিতি নহ’লেও অন্য বহু প্ৰাকৃতিক সম্পদে গাওঁখনত বিৰাজ কৰি আছে। উল্লেখ্য যে, চাউলখোৱা নদীৰ অতীত উপস্থিতিৰ বাবে গাওঁখনৰ চাৰিওফালে আজিও কিছু জলাশয়ৰ অৱস্থিতি দেখা যায়।
তাৰ ভিতৰত ব্যাসকুছি সত্ৰ নামঘৰক কেন্দ্ৰ কৰি উত্তৰ পূৱ দিশত তিনিকোণীয়া জলাশয়, দক্ষিণ- পশ্চিম দিশত চাৰা(বিল) জলাশয় আৰু পূৱ- দক্ষিণ দিশত বৰবিল জলাশয়ৰ অৱস্থিতি দেখা যায়। ভিন্ন ঋতুত ভিন্ন পৰিভ্ৰমী আৰু লুপ্তপ্ৰায় চৰাইৰ বাসস্থান হিচাপে এই জলাশয়সমূহ পৰিগণিত হৈ আহিছে। জলাশয় তিনিখন গভীৰ হোৱা বাবে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগে ব্যাসকুছি সত্ৰৰ ভেঁটি আজি পৰ্যন্ত চুব পৰা নাই।(২০২২ চনত কিছু পৰিমাণে ব্যাসকুছি গাওঁৰ এটা অংশ পানীত ডুব গৈছিল) গাওঁখনৰ চাৰিওদিশে কেইবাজোপাও আওপুৰণি গছ থকাৰ লগতে প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰৰ আগফালে আৰু পিছফালে ভিন্ন আপুৰুগীয়া গছৰ অৱস্থিতিও দেখা যায়।
ক’ব পাৰি যে, ব্যাসকুছি সত্ৰত থকা প্ৰাকৃতিক সম্পদবোৰে বৰ্তমান প্ৰদূষণৰ সময়তো এক সুস্থিৰ তথা সুস্থ পৰিৱেশ সৃষ্টি কৰি আহিছে। যিয়ে গাওঁখনৰ সৌন্দৰ্য্য বৃদ্ধিৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আহিছে।
সহায়ক গ্ৰন্থাৱলীঃ-
১. শ্ৰী শ্ৰী ভট্টদেৱ আৰু ব্যাসকুছি সত্ৰ। খগেন ডেকা।
২. শ্ৰী শ্ৰী ভট্টদেৱ স্থাপিত ব্যাসকুছি সত্ৰৰ ইতিবৃত্ত। (সম্পা. মথুৰ ডেকা)
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)