অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। মৰম-চেনেহ, প্ৰেম, শ্ৰদ্ধাৰ সমাহাৰেৰে সমৃদ্ধ অসমীয়াৰ আৱেগ বিহু। বিহুৱে বিভেদ পৰিহাৰ কৰি মহামিলনৰ অজেয় সেঁতু গঢ়ি তোলে। বৃহত্তৰ অসমীয়া জাতিৰ মিলন সেঁতু বিহুক আলম কৰি কৃষিকাৰ্য, ভঁড়াল, ফল-ফুল, গছ-গছনি আদি বিভিন্ন লোকাচাৰ বা কাৰ্যত লোক সংস্কৃতিৰ উপাদান থুপ খাই আছে। বিহুত প্ৰচলিত বিশ্বাস বা আচৰণৰ পৰিৱেশন, বা দৈনন্দিন জীৱনত পীৰা অসমীয়া লোকৰ এক উল্লেখযােগ্য অংগ।
Table of Contents
অসমীয়া সমাজত কোনো শুভকামত আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলত প্ৰায় প্ৰতিঘৰতে কাঠেৰে তৈয়াৰী পীৰাৰ ব্যৱহাৰ হোৱা দেখা যায়। কাঠৰ দুখন তক্তা আৰু দুটি সৰু সৰু খুটি সদৃশ টুকুৰাত গজাল মাৰি পীৰা বনোৱা হয়। পীৰাক হৈ প্ৰবচনো আছে-
‘বহিব জানিলে মাটিয়ে পাীৰা।
খাব জানিলে চাউলে চিৰা॥’
পীৰাৰ প্ৰকাৰ সাধাৰণতে চাৰিবিধ-
১. চালপীৰা
২. বৰপীৰা
৩. তামুলী পীৰা
৪. খুঁটিপীৰা
১. চালপীৰাঃ
কোনো উৎকৃষ্ট কাঠৰ চাৰিটা খুটা লগাই আৰু তাত শাল বা অন্য কোনাে কাঠৰ তক্তা লগাই চালপীৰা তৈয়াৰ কৰা হয়। চালপীৰাৰ খুটা চাৰিটা ওপৰ ফাললৈ ওলাই নাথাকে আৰু সেয়ে চালপীৰাত আঠুৱা তৰিবৰ বাবে কোনো স্থায়ী ব্যৱস্থা নাথাকে। পূৰ্বতে অসমীয়া সমাজত চালপীৰাক শুৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও সময়ৰ পৰিবৰ্তনৰ লগে লগে চালপীৰাৰ পৰিবৰ্তে বিচনা বা পালেংৰ প্ৰচলন হ’ল।
২. বৰপীৰাঃ
নােৱাই তােলনী বিয়া(ছোৱালী পুষ্পিতা হ’লে পতা সৰু বিয়া) বা বৰ বিয়াত কইনাজনীক যিখন পীৰাত বহুৱাই লৈ মাহ-হালধি সানি (অৱশ্যে কলৰ ভেলতাে বহুৱায়) গা ধুওৱা কৰা হয়, সেই পীৰাখনৰ নাম বৰপীৰা। একে নিয়ম দৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য।
৩. তামুলী পীৰাঃ
কইনাৰ দেউতাকে দৰাক আদৰি নি ৰভাতলত বহিবলৈ দিয়া পীৰাখনক তামুলী পীৰা বা অঞ্চল ভেদে বৰ বহা পীৰাও বােলে।বিয়াৰ পর্ব শেষ কৰি দৰাই কইনা লৈ নিজৰ ঘৰৰ পদুলিৰ সম্মুখ পালে সু-সজ্জিত তামুলী পীৰাত দৰা কইনাক থিয় কৰাই দৰাৰ মাকে জোকাৰ(উৰুলি) পীৰাৰ পৰা নমাই বােৱাৰীয়েকৰ আঁচলত ধৰি অকণমান আগলৈ টানি নিয়ে। তাৰ পিছত তামুলী পীৰাখন চৰিয়া, ঘটি, কাঁহী বাতি আদিৰ লগত ভিতৰলৈ লৈ যায়।
তামুলী পীৰা বৰ পীৰাতকৈ আকাৰত অলপ সৰু। তামুলী পীৰাত কইনা ঘৰৰ পদূলিমুখত দৰাক উঠাই কইনা ঘৰৰ মানুহে আদৰে। তামুলী পীৰাত দৰাক থিয় হ’বলৈ দি দৰাৰ ভৰি দুখন কইনাৰ ভনীয়েক বা ভায়েকে ধুৱাই আৰু দৰাই ভৰি ধুওৱা গৰাকীক মাননি বা উপহাৰ দিয়ে।
বৰ্তমান সময়ত অৱশ্যে এই নিয়মবােৰ কিছু শিথিল হৈ পৰিছে, পীৰাখন এতিয়া লগত দিয়া দেখা নাযায়। যুগ্ম-জীৱনৰ সাক্ষী হিচাপে সেই তামুলী পিৰাখনে কইনাৰ ৰুমত ৰাখি থোৱা হয়। স্বামী-স্ত্রীৰ যুগ্ম-জীৱনৰ কর্তব্য বা দায়িত্ব পথত সুকলমে আগবাঢ়ি যাবলৈ যেনপ্রতি মুহূর্ততে তামুলী পীৰাখনে সকিয়াই থাকে।
আই(বসন্ত) ওলালে এখন সৰু তামুলী পীৰাত বগা কাপোৰেৰে সজাই আসন পাতি তাৰ ওপৰত ঘট এটিত এঘট পানী আৰু আমপাত দি, ঘটতো এঁৱাসূতা আৰু সেন্দূৰৰে ফোট দি আসন পতা নিয়ম আছে।
৪. খুঁটিপীৰাঃ
গ্ৰাম্যঞ্চলত দৈনন্দিন ব্যৱহাৰ হোৱা পীৰাখনে খুঁটিপীৰা। খুঁটিপীৰাত বহি ভাত-পানী খোৱা, ধান জৰা, গাই-খিৰোৱা, বাঁহ-বেতৰ কাম কৰা, পাকঘৰত বহা, অসমীয়া শিপিনীয়ে চেৰেকীত সূতা লােৱা, যতৰত সূতা কটা, মহুৰা ফুৰােৱা আদি কামবােৰ নিয়াৰিকৈ কৰা পৰিলক্ষিত হয়।
চহৰত ডাইনিংৰ ব্যৱহাৰে খুঁটিপীৰাৰ আদৰ কমালে যদিও গাঁৱত আজিও খুঁটিপীৰাৰ আদৰ কমা নাই। পৰিয়ালৰ সদস্যসকলে লগ হৈ মজিয়াৰ বুকুত পীৰাত বহি ভাত খোৱাৰ আনন্দই সুকীয়া।
গাঁও অঞ্চলত দেখা যায় কিছুমান তিৰোতা ফুৰিবলৈ আহিলে মাতষাৰ লগাই পীৰাত বহিবলৈ দিয়ে। আৰু বহিয়ে তেওঁলোকে বিয়নী-মেল পাতে তামােল-পাণ খায়; এইদৃশ্য অতি মােহনীয়। গ্ৰাম্যঞ্চলত বিশেষকৈ ভূমিপুত্ৰ সকলৰ মাজত পীৰাৰ আদৰ অতি বেছি।
বর্তমান সময়ৰ দ্রুত পৰিবৰ্তন, বৈজ্ঞানিক কাৰুকাৰ্যৰ প্ৰভাৱত অসমীয়া সমাজত পৰম্পৰাগত ভাৱে চলি অহা ৰীতি- নীতি-নিয়ম আদিৰ পৰিৱৰ্তন ঘটা দেখা গৈছে।
মানুহে ডাইনিং টেবুলত ভাত খাবলৈ লােৱাৰ পৰা পাকঘৰৰ পীৰাকেইখন আচুতীয়া হৈ পৰিছে, চুকৰ কোণত বা শিশুৰ খেলনাত পৰিণত হৈছেহি। এই প্ৰথা যে অকল নগৰ চহৰতে হৈছে তেনে নহয় বহু গাঁও অঞ্চলতো মানুহে ডাইনিং টেবুলত ভাত খাবলৈ লৈছে।
ইয়াৰ ফলত অসমীয়া সংস্কৃতিৰ সম্পদ স্বৰূপ পীৰাৰ দৰে আন বহু সামগ্ৰী এলাগী হ’বলৈ ধৰিছে। তথাপি কম-বেছি পৰিমাণে গাঁওবোৰত এতিয়াও ইয়াৰ আদৰ আছে।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)