জীৱ জন্তু সম্পৰ্কীয় লোক-বিশ্বাস

জীৱ জন্তু লোক- বিশ্বাস

অসমত বাস সকলো লোক অৰ্থ্যাৎ প্ৰতিটো জাতি বা জনগোষ্ঠীৰ মাজতে জীৱ জন্তু সম্পৰ্কীয় অযুত লোক- বিশ্বাস প্ৰচলিত হৈ আছে। জীৱ জন্তুৰ প্ৰতি মানুহৰ ভয় স্বাভাৱিক। জীৱ জন্তুৰ প্ৰয়োজনো অপৰিসীম আৰু জীৱ জন্তুৰ প্ৰতি মানুহৰ আকৰ্ষণো অসীম।

জীৱ জন্তু সম্পৰ্কীয় লোক-বিশ্বাস

ওপৰত উল্লেখ কৰা তিনিওটা কাৰকৰ ভিত্তিতে জীৱ জন্তু সম্পৰ্কীয় লোক-বিশ্বাসসমূহৰ সৃষ্টি হৈছে। ইয়াৰ ভিতৰত প্ৰধানকৈ মেকুৰী, সাপ, জেঠী, বান্দৰ, কুকুৰ, শিয়াল, হাতী, বাঘ, গৰু,নেউল ইত্যাদি জীৱ জন্তুৰ লগত জড়িত লোকবিশ্বাসে বেছি।

জীৱ জন্তু লোক- বিশ্বাস

সাপক কেন্দ্ৰ কৰি বহুতো প্ৰাচীন উপকাহিনীৰো সৃষ্টি হৈছিল। অসমীয়া সমাজৰ চহা লোকৰ বিশ্বাস মতে, পৃথিৱীখন এডাল প্ৰকাণ্ড সাপৰ ওপৰত উঠি আছে আৰু এই সাপে গা লৰালেই পৃথিৱীলৈ ভূমিকম্প নামে। সাপ গাঁতত বাস কৰে। সেই গতিকে পাতালত নাগ ৰাজ্য আছে বুলি বিশ্বাস প্ৰচলন হৈ আহিছে। সাপৰ বিষ, সাপৰ মোট ঔষধতো কামত আহে। বৃহস্পতিবাৰে সাপ-দংশন কৰিলে সেয়া কাল অৰ্থ্যাৎ স্বয়ং যমৰাজ বুলি বিশ্বাস কৰা হয়।

লোকসমাজত জেঠীক এক অদ্ভুত ৰহস্যময়ী প্ৰাণী হিচাপে গণ্য কৰা হয়। জেঠীয়ে অনেক মংগল-অমংগল সূচাই তথা মানুহক নিজৰ ভৱিষ্যত সম্পৰ্কেও সতৰ্ক কৰে। কোনো কথা পতাৰ সময়ত জেঠীয়ে যদি টিক্ টিক্ কৰি উঠে সেই কথাক ‘সত্য’ বুলি বিশ্বাস কৰা হয়। পুত্ৰসন্তান হ’লে জেঠীয়ে ভূতক খবৰ দিয়া আৰু ফলত সেই নৱজাতকক ভুতে মাৰি পেলায় বুলি চেমা নগাসকলৰ মাজতো বিশ্বাস আছে। জেঠি গাত পৰি কিবা অমংগল হ’ব বা বেমাৰ হ’ব বুলি ভাবি লোৱা হয়। জেঠি গাত পৰিলে সেয়ে লগে লগে গা ধুৱা হয়।

লোকসমাজত বান্দৰক হনুমানৰ বংশধৰ বুলি গণ্য কৰা হয়। সেয়ে ইয়াক বধ কৰাটো মহাপাপ বুলি লোকসমাজত বিশ্বাস কৰা হয়।

লোকসমাজত মেকুৰীক অমংগলীয়া বুলি গণ্য কৰা হয়। যাত্ৰাৰ সময়ত মেকুৰী সন্মুখেদি পাৰ হৈ গ’লে বা পথত এফালৰ পৰা আন এফালে পাৰ হ’লে অমংগল হয় বুলি বিশ্বাস আছে। আৰু তেনে সময়ত যাত্ৰাবাহী গাড়ী বা যিয়েই নহওঁক গাড়ীখন অলপ সময় ৰখি গাড়ীৰ ভিতৰতে হাতেৰে এনে বায়ুতে পূৰণ চিন এটা বনাই ৰাস্তাটো পাৰ হৈ যোৱাৰ নিয়ম আছে। মেকুৰীয়ে এনেই মিউ মিউ কৈ থাকিলে গৃহস্হৰ অমংগল হয় বুলি বিশ্বাস কৰা হয়।

অসমীয়া লোকসমাজত হাতীক  মংগলৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়। চহা লোকৰ মনত পৃথিৱীখন হাতীৰ ওপৰত ৰৈ থকা বুলিও বিশ্বাস আছে। যদি হাতীটোৱে শুই থাকোঁতে বাগৰ সলায় তেতিয়া পৃথিৱীলৈ ভূমিকম্প নামে। সপোনত হাতী দেখাটো মংগল বা সৌভাগ্য বুলি বিশ্বাস কৰা হয়।  যাত্ৰাপথত হাতী বা হাতীৰ গোৱৰ দেখিলে মংগল বা সৌভাগ্য বুলি বিশ্বাস কৰা হয়। সেই যাত্ৰা শুভ হয় বুলি কয়।

বড়োসকলৰ সাংস্কৃতিক জীৱনৰ লগত গাহৰি নিবিড়ভাৱে জৰিত। এওঁলোকৰ ধৰ্মমূলক বা সামাজিক যিকোনো কামতে গাহৰি বলি দিয়াৰ নিয়ম আছে।

কুকুৰক ভগৱানৰে এটা অংশ বুলি লোকসমাজত বিশ্বাস কৰে। যমৰ দূত হিচাপেও লোক সমাজত কুকুৰৰ স্হান আছে। কুকুৰে ক’ৰবাৰ পৰা আহি কোনো লোকৰ গৃহত বাস কৰিলে পৰিয়ালৰ মংগল সূচনা হয় বুলি কয়। কুকুৰে ৰাউচি জুৰি কান্দিলে বা কুকুৰে মাটি আঁচুৰিলে ঘৰত অমংগল সূচনা হয় বুলি বিশ্বাস আছে।

গৰুক হিন্দু অসমীয়া সমাজে অতি পৱিত্ৰ জীৱ হিচাপে গণ্য কৰে। সেয়ে গৰুৱে অকাৰণত চিঞৰিলে গৃহস্থৰ অমংগল হয় বুলি বিশ্বাস কৰা হয়। গাই গৰুক কামধেনুৰ লেখীয়াকৈ লক্ষ্মী জ্ঞান কৰা হয়। সমাজত বিভিন্ন কৃত- কৰ্মত গৰুৰ গাখীৰ (এৱা), ঘিউ, দৈ আদি অতি প্ৰয়োজনীয় দ্ৰৱ্য। অসমীয়া সমাজত গৰুৰ স্থান অতি উচ্চ। তাৰ মূল্যায়ন আমি অসমীয়া নতুন বছৰৰ আৰম্ভণিতে পতা গৰু বিহুৰ পৰাই কৰিব পাৰোঁ।

 বাঘ সমন্ধেও বহুতো বিশ্বাস প্ৰচলিত আছে। বিশেষকৈ, নগাসকলৰ মাজত ই বেছি বদ্ধমূল। চেমা নগাসকলে বাঘক ‘টোটেম’ (ভগৱানৰ বাৰ্তাবাহক) বুলি বিশ্বাস কৰে।

চৰাই-চিৰিকতি সম্পৰ্কীয় লোক-বিশ্বাস

জীৱ জন্তু লোক- বিশ্বাস

জীৱ জন্তুৰ দৰে চৰাই-চিৰিকতিৰ লগতো বিভিন্ন লোক-বিশ্বাস অসমীয়া লোকসমাজত চলি আহিছে। চৰাই-চিৰিকতিৰ ভিতৰত কাউৰী, ফেঁচা, ম’ৰা, হুদু আদি সম্পৰ্কীয় বিশ্বাস অধিক।

চৰাইৰ ভিতৰত বহুতো বিশ্বাসৰ উৎপত্তি কাউৰীৰ পৰাই হয়। কাউৰীৰ কা কা স্বৰ শুনিবলৈ খুব হুটা। কাউৰীৰ মাতৰ বহু ধৰণৰ অৰ্থ নিৰূপন কৰা হয়। ই মংগল- অমংগলৰ প্ৰসংগৰ লগত জড়িত আছে বুলি বিশ্বাস কৰা হয়। চোতালৰ আগত গছৰ ডাল বা আন ঘৰৰ মূধচত পৰি কাউৰীয়ে মাতিলে ঘৰলৈ আলহী আহে বুলি বিশ্বাস কৰা হয়। দুপৰীয়া গহীন সময়ত কাউৰীয়ে ঘৰৰ মূধচত পৰি মাতিলে অমংগলৰ আগজাননী বুলি বিশ্বাস কৰা হয়। এঠাইলৈ যাত্ৰা কৰিলেও কাউৰীয়ে মাতিলে অমংগল বুলি ভবা হয়। বিশেষকৈ খুব ৰাতিপুৱাৰ ভাগত কাউৰীয়ে মাতিলে কাৰোবাৰ মৃত্যুৰ খবৰ আহে বুলি বিশ্বাস কৰা হয়।

ফেঁচা লক্ষ্মীৰ বাহন হ’লেও তাক কুলক্ষণীয়া চৰাই বুলিও মানি অহা হৈছে। ফেঁচাই নিউ নিউ কৈ মাতিলে কোনো লোকৰ মৃত্যু আহে বুলি বিশ্বাস কৰা হয়। পুৱাৰাতিৰ ভাগত ফেঁচাৰ মাত শুনিলে কাৰোৱাৰ বিয়াৰ আগজাননী অহা বুলি বিশ্বাস কৰা হয়। ক’লা ফেঁচা ঘৰলৈ আহিলে অমংগল আৰু বগা ফেঁচা আহিলে ধন-সম্পদ হয় বুলি বিশ্বাস আছে। ফেঁচাৰ মঙহ আৰু পাখি মন্ত্ৰ আৰু ঔষধতো প্ৰয়োগ কৰা হয়।

ঘৰচিৰিকাই ঘৰত বাহ সজাতো ভাল, কিন্তু বাহ সাজি গুচি যোৱাটো অমংগলৰ চিন বুলি ভবা হয়।

শালিকা চৰাই যোৰ পাতি থকা দেখিলে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে। ইয়াৰ ফলত যিকোনো ভাল ফলপ্ৰাপ্তিৰ কামনা কৰিব পাৰি। অযুগ্ম বা তিনিঠা শালিকা দেখিলে বেয়া বুলি বিশ্বাস কৰা হয়।

 ঘৰত বাস কৰা পাৰ চৰাই ঘৰ এৰি গুচি গ’লে পৰিয়ালৰ অমংগল হয় আৰু সেই পাৰ চৰাই বেছিকৈ থাকিলে লক্ষ্মীয়ে বাস কৰা বুলি ভাব।

ম’ৰা চৰাইয়ে চালি ধৰিলে বৰষুণ আহে বুলি বিশ্বাস আছে।

পোক পতংগ সম্পৰ্কীয় লোক-বিশ্বাস

জীৱ জন্তু লোক- বিশ্বাস

এই চৰাইবোৰৰ উপৰিও পখিলা, মৌমাখি, মকৰা আদি সম্বন্ধীয় লোকবিশ্বাসো আছে। গাত পখিলা পৰিলে লোকসমাজত বিবাহৰ আগজাননী দিয়া বুলি গণ্য কৰা হয়।

মৌমাখি নিজে নিজে আহি  ঘৰত সোমালে মংগল হয় বুলি ভবা হয়। ইয়াৰ বিপৰীতে মৌয়ে ঘৰতে সজা বাহ এৰি গ’লে দুৰ্ভাগ্য বুলি ভবা হয়।

বৰলে ঘৰত বাহ ল’লে লক্ষ্মী অহা বুলি মনা হয়। কিন্তু, কোঁদোয়ে বাহ ল’লে মৃত্যু ভয় আৰু ৰোগ হয় বুলি বিশ্বাস আছে। কোঁদোৱে বন্ধা বাহ ভাঙি তাক খেদিলে খেদোতাজনৰ মৃত্যু হ’ব বুলি লোকসমাজত ভয় আছে।

মকৰা গাত পৰিলে নতুন কাপোৰ পোৱাৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰা হয়। নাৰীৰ বাঁও অংগ আৰু পুৰুষৰ সোঁ অংগত মকৰা আৰু জেঠী বগালে সৌভাগ্যৰ চিন বুলি বিশ্বাস কৰা হয়। ক’লা মকৰা পৰিলে বেমাৰ হয় আৰু বগা মকৰা পৰিলে ভাল হয় বুলি বিশ্বাস আছে।

(আশা কৰোঁ আপুনি  “জীৱ জন্তু সম্পৰ্কীয় লোক-বিশ্বাস” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “জীৱ জন্তু সম্পৰ্কীয় লোক-বিশ্বাস” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *