গামোচা অসমীয়া সমাজৰ প্ৰতিঘৰত থকা এক লাগতিয়াল সম্পদ। গামোছাৰ অবিহনে একো কামেই নহয়। শিপিনীয়ে তাঁত শালত বৈ উলিওৱা গামোচাখন অসমীয়া জনসমাজৰ অবিচ্ছেদ্য অংগ৷ সকলো সময়তে অসমীয়া সংস্কৃতিত গামোচাখনে এক বিশেষ স্থান দখল কৰি আছে৷ বিহুৰ সময়ৰ প্ৰিয়জনক যাচিব খোজা গামোচাখনত নাৰী অনুভূতিয়ে খামোচ মাৰি ধৰি থাকে৷ ডাঙৰক দিয়া গামোচাখন সন্মান তথা সৰুলৈ দিয়া গামোচাখনৰ প্ৰতিটো ভাঁজতে যেন লুকাই থাকে নিভাঁজ মৰম৷
Table of Contents
অসমীয়া শিপিনীৰ ৰঙা আঁচুল দিয়া গামোচাখন অসমীয়া জাতীয় সত্তাৰ প্ৰতীক৷ কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়৷ সহজ ভাষাত গা মোচাৰ বাবে ব্যৱহাৰ হোৱা বস্ত্ৰখনকে গামোচা বোলা হয় যদিও গামোচাখনে সম্ভাষণসূচক, সন্মানসূচক, প্ৰেম- ভালপোৱাৰো প্ৰতীক হিচাপেও পৰিচয় বহন কৰি আহিছে৷ নামঘৰ, ধৰ্মীয় অনুষ্ঠান আদিলৈ যাওঁতে বুঢ়া- ডেকাসকলে ডিঙিত আঁৰি নিয়া গামোচাখনে সন্মানৰ প্ৰতিচ্ছৱি দাঙি ধৰে৷ গামোচা অসমীয়াৰ বাহিৰেও অনা অসমীয়া লোকেও ব্যৱহাৰ কৰে৷
নামনি অসমত গামোচাক ’গাম্চা’, ’মুক্চা’, ’দুহেইটা’ আদি নামেৰেও জনা যায়৷
অসমীয়া জাতিৰ বাপতি সাহোন গামোচা খনক ব্যৱহাৰিক আৰু বাহ্যিক দিশৰ পৰা বিভিন্ন নামেৰে জনা যায়-
- ফুলাম গামোচা বা বিহুৱণ গামোচা
- গোসাঁই গামোচা
- আনাকটা গামোচা
- দৰাবৰণ গামোচা
- তিয়নি গামোচা
- উকা গামোচা
১. ফুলাম গামোচা বা বিহুৱান গামোচাঃ
অসমীয়া সমাজত সবাতোকৈ বেছি ব্যৱহৃত হোৱা এই ফুলাম গামোচাখন আদৰ আৰু সন্মানৰ প্ৰতীক৷ ফুলাম গামোচাৰে কোনো লোকক সন্মান প্ৰদৰ্শন কৰিলে মূৰ নত কৰি সম্ভাষণ গ্ৰহণ কৰে৷ এই ফুলাম গামোচাখন অসমীয়া গাভৰুৱে প্ৰিয়জনৰ বাবে সাঁচি ৰাখে৷ বসন্তকালৰ অসম ৰঙা ফুলেৰে ফুলি জাতিষ্কাৰ হৈ পৰে আৰু সেই সময়ত অসমীয়াৰ প্ৰিয় ৰং ৰঙা হৈ পৰে৷ এই ফুলাম গামোচাত শিপিনীয়ে ভমকা ফুল তোলে৷ ইয়াৰ উপৰিও নানা চৰাই, বিহুৱা ডেকা, ঢোল, পেপাঁ, পখিলা, অসমীয়া মহিলাই পৰিধান কৰা অসমীয়া গহনা আদি নানা চানেকীয়ে গামোচাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে৷ এই গামোছাখন দীঘলে প্ৰায় দুই মিটাৰ আৰু পথালিয়ে সত্তৰ ছেণ্টিমিটাৰ হয়৷
২. গোঁসাই গামোচাঃ
নামঘৰৰ থাপনাত থোৱা গামোচাখনক গোঁসাই গামোচা বোলা হয়৷ এই গামোচাখন দেখিবলৈ চমকলগা হয়৷ এই গামোচাখনৰ গোটেই গাতে বুটা আৰু সিংহ, ফুল, হাতী আদি ফুলৰ চানেকী থাকে৷ গোঁসাই গামোচাত হৰে কৃষ্ণ ৰাম কৃষ্ণ আদিও চানেকি তোলা হয়৷ এই গামোচা খনি ফুলাম গামোচাৰ আকাৰত বোৱা হয়৷
৩. আনাকটা গামোচাঃ
নামনি অসমত প্ৰচলিত গামোচাৰ আন এটা ৰূপ হ’ল আনাকাটা গামোচা৷ আনকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয়৷ অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যবহাৰ নকৰি হাতেৰে সূতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা৷ এই গামোচাখন বিভিন্ন শুভকামত ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ পূজা, বিয়াৰ দৰাই এই গামোচাখন গাত লৈ থাকে৷ এই গামোচাখন পুহ আৰু চ’ত মাহত বব নাপায় বুলি প্ৰবাদ প্ৰচলিত হৈ আছে৷ আঁচলত ওলমি থকা দীঘল সূতাসমূহৰে দহি বটা হয়৷ এই আনাকটা গামোচাখন দীঘলে প্ৰায় দুই- আঢ়ৈ মিটাৰ আৰু পথালিয়ে প্ৰায়ে ৭০ ছেণ্টিমিটাৰৰ পৰা ১ মিটাৰ থাকে৷
৪. দৰাবৰণ গামোচাঃ
দৰাবৰণ গামোচা হল বিয়াৰ দিনা কইনাই বৰণত দিয়া গামোচাখন৷ এই গামোচাখন দেখিবলৈ অত্যধিক শুৱনি হয়৷ এই গামোচাখনৰ বোৱতে শিপিনীয়ে গোটেই গাত আৰ্ট চিল্ক বোৱা হয় আৰু সোণালী সূতাৰো ব্যৱহাৰ কৰে৷ উজনিত এই গামোচাখনকযোৰ গামোচা বোলা হয়৷ এই গামোচাখন দীঘলে প্ৰায় ২ মিটাৰ আৰু পথালিয়ে ১ মিটাৰ থাকে৷
৫. তিয়নি গামোচাঃ
এই গামোচাখন গা ধুৱলৈ ব্যৱহাৰ কৰা হয় বাবে ইয়াক তিয়নি গামোচা বোলা হয়৷ এই গামোচাখন মোটা সূতাৰে বোৱা হয়৷ এই গামোচাখন আঁঠুৰ ওপৰত পৰে৷ তিয়নি গামোচাখন নামনি অসমৰ মানুহে ঘৰত, খেতি- বাতিৰ কামত, অন্য কামৰ সময়ত প্ৰায়ে পৰিধান কৰা দেখা যায়৷ এই গামোচাখন শিপিনীয়ে উকা অথবা ৰঙীন সূতাৰে চেক দিও বয়৷ এই তিয়নি গামোচাখন দীঘলে প্ৰায়ে ২.৫ বা ৩ মিটাৰ আৰু পথালিয়ে প্ৰায় ১ বা ১.৫ মিটাৰ হয়৷
৬. উকা গামোচাঃ
এই গামোচাখনৰ আঁচল আৰু পাৰিত ৰঙীন সূতা ব্যৱহাৰ কৰা হয়৷ এই গামোচাখন আলহী- অতিথি আহিলে হাত- মুখ মচিবলৈ ব্যৱহাৰ কৰা হয়৷ এই গামোচাখন পাতল আৰু কোমল হয়৷ এই গামোচাখন পূজা- পাৰ্বণতো ব্যৱহাৰ কৰা হয়৷ এই গামোচাখন উজনি অসমত পথাৰলৈ জা- জলপান নিয়া আৰু নামনি অসমত ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়৷ এই গামোচাখন দীঘলে প্ৰায় ১ বা ১.৫ মিটাৰ আৰু পথালিয়ে প্ৰায় ৭০ ছেণ্টিমিটাৰ মান হয়৷
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)