কৃষি সম্পৰ্কীয় লোকবিশ্বাস

লোকবিশ্বাস কৃষি

অসম কৃষিপ্ৰধান দেশ। খেতিয়কৰ টোপাটোপে সৰা ঘাম আৰু নাঙলৰ পৰশত জীপাল হৈ পৰে পথাৰ। অতীতৰে পৰা লোকসমাজত কৃষিৰ লগত ডাকৰ বচন আৰু কিছুমান লোকবিশ্বাস জড়িত হৈ আছে। চহা জীৱন কৃষিৰ লগত জড়িত। আৰু এই লোকবিশ্বাসসমূহে জাতীয় মানসিকতা আৰু জাতীয় ভাবধাৰাৰ পৰিচয় স্পষ্ট হৈ তোলে। ইয়াৰ লগত জড়িত  ডাকৰ বচন সমূহক ‘বেদৰ মন্ত্ৰ’ হিচাপে মানি চলা হয়।

ধান সম্পৰ্কীয় লোকবিশ্বাস

বসন্তৰ শেষৰ লগে লগে চহা জীৱনৰ লোকে কৃষি কৰ্মত ব্যস্ত হৈ পৰে। খেতিৰ বাবে পানী অপৰিহাৰ্য। পথাৰত পানী ৰাখিবৰ বাবে ঘনকৈ আলি দিয়ে। লগতে কি ধানৰ বাবে কিমান পানীৰ প্ৰয়োজন সেয়াও খেতিয়কে জানিব লাগে। সেয়ে বিষয়ে ডাকৰ বচনত কোৱা হৈছে —

ঘন ঘনকৈ দিবা আলি
তেহে পাবা নানান শালি।।
…….
আলিৰ ওপৰে দিবা আলি
খেতি নহ’লে ডাকক পাৰিবা গালি।।
……
আহু ৰোবা খোজত বুৰি
শালি ৰোবা বেগেত ঘূৰি।।

ধান অনুসৰি পানীৰ তাৰতম্য ঘটা দেখা যায়। সেই তাৰতম্যৰ কথা খেতিয়কে নাজানিলে খেতি ভাল নহয়। আহু ধান কৰিবলৈ খেতি পথাৰত পানী নহ’লেও কোনো কথা নাই, কিন্তু শালি ধানত অধিক পানী লাগে। পানী থকা পথাৰত শালি ধানৰ গোছ ‘হাতেক দূৰে দূৰে’ দিব লাগে। আনহাতে বাওধান সহজে নমৰে। কোকোৰা ধানত পানী যিমানে হয় সিমানে ভাল বুলি অসমীয়া লোকে বিশ্বাস কৰে।

লোকবিশ্বাস কৃষি

এইবোৰৰ উপৰিও অসমীয়া চহাসমাজত বিভিন্ন লোকবিশ্বাসো প্ৰচলিত হৈ আহিছে। লোকজীৱনৰ লগত জড়িত এই লোকবিশ্বাসসমূহে অতীতৰে পৰা লোকমনক প্ৰতিফলিত কৰি আহিছে।

লোকবিশ্বাস অনুসৰি একাদশী, পূৰ্ণিমা, অমাৱস্যা, দোমাহী আদিত হাল বাব নাপায়। সেইদিনা হাল খতি বুলি কোৱা হয়। ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে ধানৰ প্ৰথম গোছটো পোতাৰ নিয়ম আছে। কিয়নো, জীয়ৰী বা বোৱাৰীকে আমাৰ সমাজত লক্ষ্মীৰ স্থান দিয়া হয়।

কঠীয়া সম্পৰ্কীয় লোকবিশ্বাস

কঠীয়াৰ লগত বিভিন্ন লোকবিশ্বাস জড়িত হৈ আছে। যেনে– কঠীয়া পাৰি আহি শুব নাপায়, শুলে সেই কঠীয়া পৰি যায়। কঠীয়া বান্ধি নিয়া টমাল পেলাই দিব নাপায়, ভৰিৰে গচকি বোকাত পুতি থব লাগে, নহ’লে ককাঁলৰ বিষ হয়। কঠীয়াৰ ধান হাতেৰে ছিৰিব নাপায়, ছিৰিলে ধান  ওলালে সেয়া চিকতা যায়। কুমলীয়া কঠীয়া ৰুব নাপায়, ৰুলে পোক-পৰুৱা বেছি হয়। ন-ভূঁই ৰোৱাৰ সময়ত কচু, তৰা আৰু তিনিখন তামোল দি ৰুব লাগে।

লোকবিশ্বাস কৃষি

কৃষিৰ বাবে পানী অপৰিহাৰ্য। এহাল চুক ভেকুলী ধৰি আনি দুঘৰ মানুহৰ ঘৰত ভেকুলী দুটা ৰাখি দৰা-কইনা হিচাপে সামাজিক অনুষ্ঠানবোৰৰ আয়োজন কৰি বিয়া পতা হয়। বিয়াৰ শেষত ভেকুলী দুটা জলাশয়ৰ কাষত এৰি দিয়া হয়। অথৰ্ববেদতো বৰষুণ কামনা কৰি ভেকুলীক কামনা কৰাৰ প্ৰাৰ্থনা আছে। এই লোকাচাৰ ভাৰত আৰু নেপালত প্ৰচলিত। লোকৰ ঢেঁকী চুৰ কৰি আনি পানীত পেলাই দিলেও বৰষুণ হয় বুলি বিশ্বাস কৰা হয়।

গছপুলি বা শাকপাচলি ৰোপণ কৰোঁতে গাৰ ছাঁ পেলাই ৰুব নাপায়, ৰোপণ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি কম হয় বুলি বিশ্বাস কৰা হয়। গধূলি আকাশ ৰঙা হ’লে পিছদিনা বতৰ ফৰকাল হয় বা ৰ’দ  দিয়া, কুমজেলেকুৱা, জোক, খন্তিয়া আদি ওলালে আৰু ভেকুলীয়ে মাতিলে বৰষুণ দিয়ে বুলি বিশ্বাস কৰা হয়।

অসমীয়া চহা সমাজৰ বিশ্বাস মতে আঘোণৰ পথাৰৰ পৰা ধান চপাই ঘৰলৈ অনাৰ পূৰ্বে লখিমী বা আগ অনাৰ পিছত হে ধান কাটিব পাৰি। অসমীয়া মানুহে বিভিন্ন নীতি-নিয়মৰ মাজেৰে এই আগ অনা কাৰ্য্য সম্পাদন কৰে। আগ অনাৰো বহুত নিয়ম আছে- প্ৰথমে আগ আনিব যোৱাজনে গা-পা ধুই পৰিষ্কাৰ তথা শুদ্ধ বগা আনাকাটা কাপোৰ পৰিধান কৰি হাতত কাঁচি আৰু আগলতি কলপাত লৈ যায়। পথাৰত গৈ পূৱফাল হৈ একেটা উশাহতে কাঁচিৰে পকাধানৰ তিনিগোছা আগ কাটি কলপাত এখনত এযোৰ তামোল পান, ধানৰ আগ আৰু কাঁচিখন মেৰিয়াই মূৰত লৈ ঘৰলৈ আহে।

আগ অনা মানুহজনে কাকো নামাতে আৰু পিছলৈ চাব নাপায় বুলি বিশ্বাস আছে। আগ অনাজনে পদূলিমুখ পালেই গৃহিনীয়ে বিচনীৰে বা দি দি লখিমীক ভৰাঁললৈ আগবঢ়াই নিয়ে। ইয়াৰ পিছত ধানখিনি এখন কুলাৰ ওপৰত থৈ লক্ষ্মী-চৰিত পাঠ কৰি প্ৰসাদ বিতৰণেৰে এই অনুষ্ঠানৰ সামৰণি কৰা হয়। শেষত ধানৰ আগটো ভঁৰালঘৰৰ সন্মুখত বান্ধি থোৱা হয়।

লোকবিশ্বাস কৃষি

আঘোণ মাহ অসমৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ। এই সময়তে পথাৰত ধানে পকিবলৈ ধৰে। গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি মহোহো উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। তাৰ লগতে তেওঁলোকে গৃহস্থক তেওঁলোকৰ খেতি নদন-বদন হ’বলৈ আশীৰ্বাদ দিয়ে। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে।

ধান কটাৰ আগে আগে থকা আগ অনা নিয়মৰ দৰে ধান কটাৰ পিছত একপ্ৰকাৰৰ লোকাচাৰ পালন কৰা হয়। ইয়াক ধান উঠা বা কাঁচি উঠা বা লখিমী উঠা আদি নামেৰেও জনা যায়। ধান কটা শেষ হোৱাৰ দিনা তিনিগোছা ধান ত্ৰিভুজৰ আকৃতিৰ দৰে বান্ধি নকটাকৈ এৰি আহে। গুৰি অংশ চাফ-চিকুণ কৰি থয়। তাতে এটা নাৰিকল কাটি এখন শৰাই আগবঢ়াই পথাৰত থকা লোকৰ মাজৰে বিতৰণ কৰি দিয়া হয়। ধান উঠাৰ দিনা ৰাতি খেতিয়কৰ ঘৰত পিঠা-পনা আদি খাবলৈ বন্ধু- বান্ধৱক মাতে।

লোকবিশ্বাস কৃষি

শস্য যাতে লহপহকৈ বাঢ়ে তাৰ বাবেও বহুতো আচাৰ-অনুষ্ঠান পালন কৰা হয়। কাতি বিহুত পথাৰত বন্তি দিয়া হয়। নগাসকলৰ বিশ্বাস মতে মানুহ এটা মাৰি তাৰ মঙহ খেতিৰ পথাৰত থলে খেতি নদন-বদন হয়। চাউল মানুহৰ কেৱল প্ৰধান খাদ্যই নহয়, ইয়াক মন্ত্ৰতো ব্যৱহাৰ কৰা হয়। অসমীয়াৰ বিয়াত দৰা যেতিয়া কন্যাঘৰলৈ আহে তেতিয়া দৰাক মুহিবলৈ অথবা তেওঁৰ পৰা অপদেৱতা দূৰ কৰিবলৈ চাউল ছটিওৱাৰ বা চোবোৱাৰ প্ৰথা আছে। জনজাতীয় লোকসকলেও যাদুত আৰু দেও উঠি ভৱিষ্যদ্বাণী কৰাৰ সময়ত চাউল ব্যৱহাৰ কৰে। ভঁৰালত শস্য সঞ্চয় কৰা সম্বন্ধেও অনেক বিশ্বাস আছে। কোনো মাহ আৰু দিনত ভঁৰালৰ পৰা ধান উলিয়াব নাপায়। লঘোণ লগা সময়ত তিৰোতা মানুহক ভঁৰালৰ কাষলৈকে যাবলৈ দিয়া নহয়। ভঁৰালক পূজাও কৰা হয়। কাতি বিহুত ভঁৰালৰ সন্মুখত বন্তি জ্বলোৱা হয়।

চহা কৃষকসকলৰ ন-খোৱা এটা ডাঙৰ উৎসৱ। নতুন ধান আহি চোতালত সোমোৱাৰ পিছতে ন-খোৱা উৎসৱ পতা হয়। ঠাই বিশেষে ন-খোৱা প্ৰথা বেলেগ বেলেগ। ন-খোৱা কৃষিজীৱিৰ অতি আদৰৰ বস্তু। অসমীয়া সমাজতে নহয়; সমগ্ৰ ভাৰতৰে বিভিন্ন ঠাইত এয়া পালন কৰা হয়। স্মৃতি শাস্ত্ৰ মতে,

”নবোদকে নৱান্নে চ গৃহ প্ৰচ্ছাদনে তথা
পিতৰঃ স্পৃহয়ন্তন্নডমষ্ট কামু যথাচু চ।”

ন-খোৱা উৎসৱতে চোতালতে জুই ধৰি চুঙা পিঠা, কলপাত পিঠা আদি খোৱাৰ নিয়ম আছে। প্ৰতিজন অসমীয়াই আঘোণ মাহত চুঙা পিঠা খাব লাগে বুলি পৰম্পৰা চলি আহিছে। ন-খোৱাৰ দিনা গৃহস্থই পদূলিত নতুন ধানৰ মল চটিয়াই। ৰাতি সম্পৰ্কীয়ক বা ওচৰ- চুবুৰীয়াক ন-খাবলৈ মাতে। এই আনুষ্ঠনিক ভোজ হৈ যোৱাৰ পিছতহে ন-খেতিৰ চাউল গৃহস্থই খাব পাৰে।

মাঘ বিহু সম্পৰ্কীয় লোকবিশ্বাস

লোকবিশ্বাস কৃষি

মাঘ বিহু হ’ল খেতি চপোৱা উৎসৱ। ই আচলতে প্ৰথম শস্য গ্ৰহণৰ উৎসৱ। এই উৎসৱত তিল, চাউল, সঁৰিয়হ আদি ন-শস্য উছৰ্গা কৰি অগ্নি দেৱতাক তুষ্ট কৰা হয়। সেইদৰেই গছত প্ৰথম ফল ধৰিলে তাৰে এটা ফল দেৱতালৈ উছৰ্গা কৰা হয়। আকৌ নতুনকৈ পোৱালি জগা গাইৰ গাখীৰ খীৰায়েই খেতৰ-খেতৰণীলৈ উছৰ্গা কৰা হয়। খেতৰ-খেতৰণী খেতিৰ পথাৰৰ অধিষ্ঠাত্ৰী দেৱ-দেৱী। এই সম্পৰ্কত ন-চাউলৰ পিঠা তৈয়াৰ কৰাৰ লগত জড়িত সামাজিক প্ৰথাসমূহ সংগ্ৰহ কৰা উচিত। ন-শস্যৰ পিঠা কৰোঁতে দেৱতা তুষ্টিৰ কাৰণে কিছুমান নিয়ম পালন কৰা হয়। প্ৰথম পিঠাখন জুইত দিয়া হয়, বিহু উৎসৱত আত্মীয় স্বজনক পিঠা খোওৱাও এই শ্ৰেণীৰেই এটি মাংগলিক অনুষ্ঠান। ভিক্ষাৰীকো পিঠা দান কৰা হয়, অমংগল দূৰ কৰিবলৈ।

ভঁৰাল যাতে অগ্নি, বৰষুণ আৰু নিগনিৰ পৰা নিৰাপদে থাকে আৰু পথাৰত খেতি যাতে ভালদৰে হয় তাৰ কাৰণে এই সকলোবোৰ অনুষ্ঠান পালন কৰা হয়। মাঘ বিহুত আনকি গৰুকো পিঠা খুওৱা হয়। ইয়াৰ উপৰিও মাহেকীয়া হোৱা মহিলাক ভৰাঁল ঘৰত সোমাব দিয়া নহয়; লক্ষ্মীয়ে ভৰাঁল এৰি যাব বুলি বিশ্বাস কৰা হয়। গা নোধোৱাকৈয়ো কিছুমান ঠাইত ভৰাঁল চুব নিদিয়ে। চহা লোকৰ মতে ভৰাঁল ঘৰেই লক্ষ্মীৰ বাসস্থান। কাতি বিহুৰ দিনা ঘৰৰ তিৰোতা পথাৰলৈ গ’লে ধান খেতি ভাল হয় বুলি বিশ্বাস আছে।

সামৰণি

বৈজ্ঞানিক চিন্তাৰ ফলত এইবোৰৰ পৰিবৰ্তন হৈ আহিছে যদিও চহা কৃষকে এতিয়াও এইসমূহ মানি চলে। চহা লোকৰ বাবে কৃষিয়ে সকলো আৰু এই কৃষিৰ ভাল হোৱাৰ বাবে চহা সমাজে নানান ধৰণৰ আচাৰ অনুষ্ঠান কৰাৰ লগতে বিশ্বাসৰ পৰম্পৰাও বহন কৰি আহিছে। চহা লোকে মানি অহা এই লোক পৰম্পৰাৰ ফলতে নানান ধৰণৰ উৎসৱো পালন কৰা হয়। এইবোৰে কালক্ৰমত কৃষিভিত্তিক উৎসৱৰ নাম পাইছে। এইবোৰ পিছত আলোচনা কৰাৰ চেষ্টা কৰা হ’ব।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *