যতি চিহ্নৰ প্ৰয়োগঃ-
বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰিবলৈ কিছুমান চিহ্নৰ ব্যৱহাৰ কৰা হয়। যেনেঃ- দাৰি, কমা, আদি। এই চিনবোৰকে ‘যতি চিহ্ন’ বোলে।
এই চিহ্নবোৰ বাক্যত প্ৰয়োগ কৰাৰ নিয়ম আছে। এইবোৰ যধে-মধে বাক্যত প্ৰয়োগ কৰিলে বাক্যৰ প্ৰকৃত অৰ্থ প্ৰকাশ নাপায়। এই যতিচিহ্নবোৰ কেনেদৰে প্ৰয়োগ কৰিব লাগে তাৰ নিয়মবোৰ দেখুৱাবলৈ যত্ন কৰা হ’ল-
১. কমা(,):
এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে, সিমান সময় ৰখিবলৈ হ’লে বাক্যত কমাৰ ব্যৱহাৰ কৰা হয়। শব্দৰ মাজৰ পৰস্পৰ সম্বন্ধ ৰক্ষাৰ বাবে এই চিহ্নৰ ব্যৱহাৰ কৰা হয়। যেনেঃ- মই, গীতু আৰু হেমা মালিনীহঁতৰ ঘৰলৈ যাম।
২. দাৰি(।):
বাক্য এটা সম্পূৰ্ণ হোৱা বুজাবলৈ দাৰি (।) চিহ্নৰ প্ৰয়োগ কৰা হয়। প্ৰায় দুটা আখৰ উচ্চাৰণ কৰিলে যিমানখিনি সময় লাগে সিমানখিনি সময় দাৰি দিলে ৰখিব লাগে। যেনেঃ- মানুহ মৰণশীল। সকলো মানুহ এদিন মৰিবই।
৩. চেমিকোলন (;):
দুটা বাক্যৰ মাজত এই চিহ্নৰ প্ৰয়োগ কৰি বাক্যৰ মাজৰ সম্বন্ধটোক বুজোৱা হয়। এই চেমিকোলন বাক্যত থাকিলে কমাতকৈ অলপ বেছি অৰ্থাৎ দুটা সংখ্যা উচ্চাৰণ কৰিবলৈ ব্যৱহাৰ হোৱা সময়খিনি ৰখিব লাগে। যেনেঃ- হে ভগৱান, ৰক্ষা কৰা; মই বৰ বিপদত পৰিছোঁ।
৪. প্ৰশ্নবোধক চিন (?):
কোনো প্ৰশ্নৰ কথা অৱতাৰনা কৰোঁতে বাক্যৰ শেষত এই চিহ্ন প্ৰয়োগ কৰা হয়। এই চিহ্নৰ ব্যৱহাৰত বাক্যটো গৈ প্ৰশ্নৰ শাৰীত পৰে। যেনেঃ- তোমাৰ ঘৰ ক’ত? তুমি আম খাবানে?
৫. সন্দেহবোধক চিন {(?)}:
যিকোনো কথাত দোমোজা থাকিলে বা কিবা প্ৰশ্ন থাকিলে বা সেই সম্পৰ্কে সঠিক জ্ঞান নাথাকিলে সেই শব্দৰ কাষত বন্ধনীৰ ভিতৰত প্ৰশ্নবোধক চিন(?) দিয়া হয়। যেনেঃ- বোধ- কৰোঁ তাৰ জন্ম ১৯৯৯ (?)ত।
৬. ভাববোধক চিন (!):
মনৰ আনন্দ, বিষাদ বা আশ্চৰ্য্যকত ভাবৰ বহিঃপ্ৰকাশ কৰিবলৈ বাক্যত যি চিন ব্যৱহাৰ কৰা হয়, তাকে ভাববোধক চিন বোলে। যেনেঃ- বাঃ! কি ধুনীয়া!, উফঃ। বৰ ৰ’দ!
৭. ডেচ্ চিন (-):
কোনো বাক্যৰ লগত আন বাক্যৰ সম্বন্ধ বুজাবলৈ অথবা বাক্যৰ কোনো অংশত বিশেষ জোৰ দিবলৈ হ’লে ডেচ্ চিনৰ ব্যৱহাৰ কৰা হয়। যেনেঃ- তেৱেঁই আমাৰ দেশৰ শত্ৰু – যিয়ে নেকি দেশবাসীক ঠগে।
৮. কোলন ডেচ্ চিন (:-):
কোনো কথাৰ উদাহৰণ দিওঁতে এই চিনৰ ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে-
মই আজি বহুত কাম কৰিলোঁ। যেনেঃ- অফিচলৈ গ’লোঁ। তাৰ পৰা আহি মই বজাৰলৈ গ’লো।
৯. হাইফেন(-) :
সমাসৰ সমস্যমান পদ দেখাবলৈ বিপৰীত শব্দৰ যোৰা বুজাবলৈ বা অনুৰূপ অথবা অনুকাৰ শব্দ বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। যেনেঃ- মা- দেউতা, দাদা- ভন্টি।
১০. ঊৰ্ধ্ব কমা (“-“):
আনে কোৱা কিবা এটা কথাৰ হুবহু উদ্ধৃতি দিবলৈ গ’লে ঊৰ্ধ্ব কমাৰ ব্যৱহাৰ কৰা হয়। যেনেঃ- মহাত্মা গান্ধীয়ে কৈছিল- “অহিংসাই পৰম ধৰ্ম।”
১১. বন্ধনী চিনৰ ব্যৱহাৰঃ-
বন্ধনী কেইবা প্ৰকাৰৰো আছে-
ক. চন্দ্ৰ বন্ধনী(…..):
কোনো কথাৰ বিশেষ অৰ্থ বুজাবলৈ চন্দ্ৰ বন্ধনীৰ ব্যৱহাৰ কৰা হয়। যেনেঃ- ছাত্ৰ- ছাত্ৰীক ভাল খাদ্য(পুষ্টিকৰ খাদ্য) দিব লাগে।
খ. কুটিল বন্ধনী {….}:
এটা চিনৰ সোঁফালে অথবা বাওঁফালে কিছুমান কথা লিখি তাৰ বিপৰীত ফালে উমৈহতীয়া অৰ্থটো বুজাবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়। যেনেঃ-
অলিস্মিতা ডেকা
} যুটীয়া সম্পাদিকা ।
জোনালী ডাউকা
গ. বৰ বন্ধনী ([..])
ইয়াৰ ব্যৱহাৰ বাক্যত কম। গণিতত ইয়াৰ ব্যৱহাৰ বেছি।
(2[3+4])
১২. কাপ পো চীন (^): কেতিয়াবা বাক্যত কোনো শব্দ বা আখৰ ৰৈ যায়। তেতিয়া এই চিনৰ ব্যৱহাৰ কৰি ৰৈ যোৱা কথাখিনি বা শব্দটো লিখা হয়।
যেনেঃ-
আজি
সি ^ ঘৰলৈ গ’ল।
১৩. লুপ্ত চিন (*):
কোনো বাক্যৰ আগত এই চিনৰ ব্যৱহাৰ হ’লে বুজিব লাগে যে বাক্যটোৰ আগত বা পিছত আৰু কিছুমান কথা আছে। যেনেঃ- ** ঘৰলৈ যাম।
বা বহুতে কয়; সুখী হ’বলৈ টকা- পইচা নালাগে। ভাল মন লাগে কিন্তু ***
কিছুমান সময়ত ইয়াৰ ব্যৱহাৰ (……) এনেদৰেও কৰা হয়।
(‘) : কবিতা বা আন সাহিত্যৰ শব্দৰ মাজত ওপৰৰ ফালে এই চিনটোৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ এয়ে যে- এই চিনটো থকা ঠাইত আৰু এটা আখৰ সোমাই আছে। যেনেঃ- মুখ’নি= মুখখনি।
১৪. পাদ-টীকা বা ফুট নোট(*, আন চিন বোৰ কী-বোৰ্ডত নাহে,): কোনো কথা বা বাক্যৰ বহল ব্যাখ্যা দিওঁতে ফুট নোট ৰ ব্যৱহাৰ কৰা হয়। ফুট নোট বাক্যটোৰ শেষত দি তাৰ ব্যাখ্যা পৃষ্ঠাটোৰ তলত দিয়া হয়।